নৰেশ গুচি হ'ল গণেশ
মন্ত্ৰীসকল ৰজা
প্ৰজাসকল প্ৰাণেশ।
গণশক্তি গণভোট গণ অধিকাৰ
সকলো থাকিব সুৰক্ষিত
এয়া নিৰ্বাচনী প্ৰচাৰ
বিন্দুসম উৎস নেতা
পালিনেতা জ্ঞানেশ।
নিৰ্দলীয় দল হ'ল
গণ অভ্যুত্থান
গংগাপ্ৰাপ্ত সমতা
ক্ষমতা গদিয়ান।
গঞ্জৰ গঞ্জনাই গগণপট ভেদে
ধৰ্মই ধৰ্মক পিছে পিছে খেদে
জনগণে পাতিলে তেওঁক
মুকুটবিহীন ৰজা
জাতিৰ নায়ক ধনেশ
ভুক্তভোগী প্ৰজা।
✍️ধনঞ্জয় দাস ,তেজপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ