শাৰদীয় দুৰ্গোৎসৱ••নিজৰা বৰ্মন ডেকা

Rinku Rajowar
0
পংকিলতাৰ দিকচৌ বাটেৰে
ঋতুৰাণী শৰতৰ আগমন ।
আহিনৰ কোমল কুঁৱলী আদৰি
 উদয়াচলৰ সূৰুযে 
ৰক্ত ৰশ্মিৰে বিধৌত হৈ
আদৰিছে মা-দুৰ্গাক মৰতলৈ ।
শেৱালিৰ সুবাস আৰু কহুৱাৰ 
আচ্ছাদন কাতি কৰি থৈ
আহিছে শিৱানী মহামায়া দেৱী।
এই বেলি পূজা মণ্ডপত 
বাজিছে ঢাক-ঢোল ৰজনজননাই
মহামিলনৰ সমাহাৰ দিছে ছটিয়াই ।
তুমিয়েই শক্তি অধিষ্ঠাত্ৰী দেৱী 
তুমিয়েই আসুৰিক শক্তি নাশিনী ।
ভক্তৰ সিদ্ধিদাত্ৰী মা দেৱী গোসানী 
ত্ৰিগুণাত্মিক সৰ্বশক্তি ৰূপিনী তুমি ।
সেয়েহে দশভূজা মাতৃ তোমাৰ চৰণত 
জনাওঁ শতকৌটি ভকতি 
আতঁৰাই নিয়া তুমি দুখ-দুৰ্গতি। 


 ✍️নিজৰা বৰ্মন ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)