মোৰ জীৱনৰ লক্ষ্য••দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
আৰম্ভণি:
কোনো এক নিৰ্দিষ্ট স্থান বা অৱস্থানত উপনীত হোৱা সংগ্ৰামৰ নামেই হৈছে লক্ষ্য। লক্ষ্য বিহীন জীৱন বঠাবিহীন নাৱৰ দৰে।বঠাৰ অবিহনে যেনেকৈ নাঁও বতাহৰ কোবত অথবা সোঁতৰ গতি আৰু ঢৌৰ খুন্দাত যেনি - তেনি যায়।ঠিক তেনেকৈ লক্ষ্যহীন জীৱনো তেনেকুৱা অস্থিৰ। জীৱনত নিৰ্দিষ্ট এটা লক্ষ্য নাথাকিলে কোনো ক্ষেত্ৰতে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। লক্ষ্য স্থিৰ কৰি ল'লেই নহ'ব।সেই লক্ষ্যত কেনেকৈ উপনীত হ'ব পৰা যায় সেই কথাও চিন্তা কৰিব লাগিব।কথাতে কয় নহয় -" আলচা কাম নহয় সিদ্ধি,বাটত আছে কণা বিধি। গতিকে আমি যেতিয়াৰ পৰাই জনা বুজা হওঁ বা জীৱনৰ প্ৰকৃত মমাৰ্থ উপলব্ধি কৰিবলৈ সমৰ্থ হওঁ তেতিয়াৰ পৰাই এটা লক্ষ্য স্থিৰ কৰি লোৱা উচিত আৰু সেই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা উচিত। প্ৰথম অৱস্থাত লক্ষ্য বাচনি কৰাৰ ক্ষেত্ৰত হয়তো যথেষ্ট অসুবিধা হয়। আমাৰ মনটোক খেলিমেলি লগায়। কিন্তু এটা সময়ত আমি নিজক বুজি পাওঁ নিজৰ দক্ষতা আৰু সামৰ্থ্যৰ কথা বুজিব পৰা হওঁ। আজিকালি যুগটোৱে হৈছে প্ৰতিযোগিতাৰ যুগ। সেয়েহে কোনো এটা লক্ষ্য নোহোৱাকৈ আমি আগুৱাই যোৱাটো সম্ভৱ নহয়। লক্ষ্য যদি স্থিৰ নহয় তেন্তে জীৱনে আমাক যেনি তেনি লৈ যাব আৰু আমি প্ৰতি পলে পলে উজুটি খাম।সেয়ে আমাৰ কাৰণে এটা লক্ষ্য স্থিৰ কৰি আগুৱাই যোৱাটোৱে সকলোতকৈ শ্ৰেয় হ'ব।

জীৱনৰ লক্ষ্য - মই এটি মধ্যবিত্ত পৰিয়ালৰ ছোৱালী।সৰুৰে পৰা মোৰ মায়ে আমাক বহু কষ্টেৰে ডাঙৰ দীঘল কৰিছে। সদায় এটা কথা ভাবোঁ মাই আমাৰ বাবে যিমান কষ্ট কৰিছে সেই কষ্টৰ মূল্য আমি দিব লাগিবই। সকলোৱে বাচনি কৰাৰ দৰে ময়ো এটা লক্ষ্য স্থিৰ কৰি লৈছোঁ।সৰুতে যেতিয়া মোক মানুহে সুধিছিল মোৰ লক্ষ্য কি বুলি? তেতিয়া মই দোকানী হ'ম বুলি কৈছিলোঁ।ইয়াৰো এটা ইতিহাস জড়িত হৈ আছে। কিন্তু যেতিয়া নৱম শ্ৰেণী পালোগৈ তেতিয়া মই ভালদৰে লক্ষ্য স্থিৰ কৰিবলৈ সক্ষম হৈছিলোঁ। মোৰ লক্ষ্য হৈছে এগৰাকী ভাল সাংবাদিক হোৱা।

লক্ষ্য বাচি লোৱাৰ কাৰণ -
মই ষষ্ঠ শ্ৰেণীৰ পৰা যিখন বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। সেইখন বিদ্যালয়ত যেতিয়া প্ৰাতঃসভা কৰে তেতিয়া তাত শপত,বাণী, আজিৰ দিনটো,বাতৰি,কবিতা, বক্তৃতা ইত্যাদিবোৰ কৰা হয়। প্ৰথম অৱস্থাত ইমানকৈ অংশগ্ৰহণ কৰা নাছিলোঁ। কিন্তু নৱম শ্ৰেণীৰ পৰা নিয়মীয়াভাৱে অংশগ্ৰহণ কৰিছিলোঁ। বেছিভাগ মই বাতৰি পৰিবেশন কৰিছিলোঁ।আৰু যেতিয়া গুণোৎসৱ বা অন্যান্য অনুষ্ঠান অনুষ্ঠিত হয় তেতিয়া মইয়ে বাতৰি পৰিবেশন কৰিছিলোঁ।যেতিয়া ছাৰসকলে ভাল হৈছে বুলি প্ৰশংসা কৰে তেতিয়া মোৰ বহুত বেছি ভাল লাগে। উৎসাহ পাওঁ তেনেবোৰ কথাত।তাৰ পিছৰে পৰা মোক ছাৰে প্ৰাতঃসভাৰ দায়িত্ব দিলে আগতে থকা দুজনৰ লগত আৰু সদায় স্কুললৈ গৈ বাতৰিখন ছাৰৰ টেবুলৰ পৰা আনি বাতৰিৰ মুখ্য শিৰোনামকেইটা লিখিবলৈ ক'লে।ছাৰৰ কথামতেই মই এদিনো সেই কাম কৰাত বাদ দিয়া নাছিলোঁ।লাহে লাহে সাংবাদিকতাৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি গ'ল। গ্ৰীষ্মকালীন বন্ধত ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ দাদা বাইদেউ আৰু ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ বিদ্যালয়ত এটা পাঠদান শিবিৰ অনুষ্ঠিত হৈছিল।তাত গণ সংযোগ আৰু সাংবাদিকতা অধ্যয়ন কৰা দাদা বাইদেউক লগ পাইছিলোঁ।আৰু তেতিয়াই প্ৰথম বা বাতৰি শিতান এটা লিখিছিলোঁ প্ৰধান ছাৰৰ অনুৰোধত।দাদা বাইদেউসকলক বিদায় দিয়া দিনাই মই থিৰাং কৰি লৈছিলোঁ ময়ো এদিন এনেকৈ পঢ়িম আৰু এগৰাকী ভাল সাংবাদিক হ'ম।

লক্ষ্যত কেনেকৈ উপনীত হ'ম:
লক্ষ্য এটা স্থিৰ কৰি লৈছোঁ যেতিয়া কষ্ট কৰিবই লাগিব। কষ্ট নকৰিলে জানো মই ওপৰতেই সাংবাদিক হ'ব পাৰিম। মই বৰ্তমান স্নাতক তৃতীয় ষান্মাসিকৰ অসমীয়া বিভাগৰ ছাত্ৰী। স্নাতক পৰ্যায় শেষ কৰি মই সাংবাদিকতাৰ শিক্ষা লম বুলি ভাবি থৈছোঁ আৰু তাৰ লগে লগে বহুতো পৰিকল্পনাও কৰিছোঁ।যিহেতু মই এই লক্ষ্যটো বাচি ল'লো সেয়ে মই ইয়াৰ লগত জড়িত কিছুমান কামো কৰোঁ। বিভিন্ন সৰু সুৰা নিউজ চেনেলত মই কণ্ঠ দিওঁ আৰু চিত্ৰনাট্যও কেতিয়াবা লিখোঁ।নৱম শ্ৰেণীৰ পৰাই সাহিত্যৰ জগতখনত জড়িত হৈ আহিছোঁ।নিজৰ পাঠ্যক্ৰমৰ উপৰিও বিভিন্ন গল্প, কবিতা, নাটক, প্ৰবন্ধ, কাহিনী, ইত্যাদিবোৰ লিখোঁ আৰু প্ৰতিযোগিতাত সফলতাও অৰ্জন কৰিবলৈ সক্ষম হওঁ আৰু কেইটামান সৰু সৰু বঁটাও লাভ কৰিছোঁ এই সাহিত্যৰ যোগেদিয়েই।দুবাৰমান সাক্ষাৎকাৰো লৈ পাইছোঁ লিখিত আকাৰে।
স্নাতক ডিগ্ৰী শেষ কৰি ক'ত কেনেকৈ পঢ়িম সেয়াও ভাবি থৈছোঁ। কিন্তু আগতেই উল্লেখ কৰিছোঁ মই হৈছোঁ মধ্যবিত্ত পৰিয়ালৰ ছোৱালী। সেইবাবে পইচাৰ ক্ষেত্ৰত বহুত অসুবিধা হয়। কিন্তু মই যিকোনো প্ৰকাৰেও মোৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিম।কাৰণ চেষ্টাৰ  অসাধ্য
একো নাই। চেষ্টা কৰিলে অসাধাৰণ কামো সাধাৰণ কৰি তুলিব পাৰি।

সামৰণি:
জীৱনৰ বাটত আগুৱাই যাওঁতে যিমান যিয়ে পৰিস্থিতি নাহক কিয় মই মোৰ লক্ষ্য আৰু সপোন দিঠকত পৰিণত কৰিমেই। লক্ষ্য যেতিয়ালৈকে পূৰণ নহয় তেতিয়ালৈকে মই ক্ষান্ত নাথাকোঁ।যিদিনাখন মই মোৰ লক্ষ্যত উপনীত হ'ম সেইদিনা মোতকৈ সুখী চাগে কোনো নহ'ব। কষ্ট কৰিম, সংগ্ৰাম কৰিম,সাধনা কৰিম আৰু অপেক্ষা কৰিম সেই সোণালী দিনটোলৈ।

📌দিপশিখা ৰাজকোঁৱৰ।
স্নাতক তৃতীয় ষান্মাসিক
অসমীয়া বিভাগ
দুলীয়াজান মহাবিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)