শৰৎ••লক্ষীন্দ্ৰ জুমন গগৈ

Rinku Rajowar
0
তল সৰা শেৱালিৰ 
সুবাস সানি,
স্নিগ্ধ জোনাকীৰ 
পৰশ লাগি,
নিৰ্মল মলয়া জাকে 
কঢ়িয়াই আনিছে
শাৰদী আইৰ আগমনৰ
মধুৰ বাণী ।

এটোপ দুটোপ নিয়ৰৰ টোপালে
দুৱৰীৰ দলিছাত
শাৰদীৰ সপোন দেখায়,
উন্মনা শৰতে আজি
প্ৰেমৰ সুবাস বিলায় ।
সুদূৰৰ পৰা বৈ অহা মলয়া জাকেও আজি
শাৰদী আইৰ প্ৰতিচ্ছবিকে দেখায় ।

শৰততে মৰতলৈ আগমন ঘটে
মা দূর্গাৰ,
মহাপ্ৰতাপী সেই নাৰী শক্তিৰ
বিদায় কাল
দশমী তিথি ।

শৰৎ আহিছিল,
শৰৎ আহিছে,
শৰৎ আহিব ।
অনাদি কালৰ সেই শাৰদী আই
অনন্ত কাললৈ থাকিব ।

        ✍️ লক্ষীন্দ্ৰ জুমন গগৈ
             ঢকুৱাখনা, লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)