ধুমকেতুৰ দৰে খবৰ আহিল
তুমি আহিবলৈ সাজু হৈছা
ধুনীয়াকৈ সজাই তুলিলো মোৰ
ভিতৰ-বাহিৰ সকলো কোঠা
কিহত আহিবা বাৰ্তা চলিল
এনেতে তেওঁৰ পিঠিত উঠি
তুমি দেখোন আহিয়েই পালা।
মোৰ বুকুত হেঁপাহে ধান বানিছে
অনুভৱে জপিয়াই ফুৰিছে
কামৰ অন্ত নোহোৱা হৈছে
তুমি আহি সোমালা মোৰ ঘৰত
ভৰিৰপৰা মুৰলৈ তোমাক চালো,
সৌন্দৰ্যৰ আকৰ তুমি ধুনীয়া
ধুনীয়া তোমাৰ চকু, মন, বিচাৰ
ভৰি চুই এবাৰ প্ৰণাম কৰিলো
স্পৰ্শত ইমান শিহৰণ, ইমান সুবাস
কাণপাতি শুনিলো- 'তোমাৰ বুকুতো যেন বাঁজিছে,ধম্ ধম্ মা-ধম্ মাদল।
তুমি যে ঘূৰি যাবাগৈ, কাৰণ তুমি কেৱল মোৰ নহয়, তোমাৰ আছে অনেক কাম, অনেক লেঠা,
তুমি আছা বাবেই, মই আছোঁ... শক্তিশালী আৰু ধুনীয়া হৈ
তুমি মোৰ সাহস, মোৰ শক্তি
তুমি মোৰ লগত যেন সদায় থাকা
সেই কামনা কৰি ধূপ-দীপ আৰতিৰে
পুনৰবাৰ প্ৰণাম জনাই দিছো বিদায়।
যদিও নহয় মনৰপৰা এই বিদায় সময়ৰ আহ্বান শুনি দিছো, শৰতৰ
এটি ধুনীয়া পুৱা অশ্ৰুসিক্ত নয়নেৰে
তুমি কুশলে থাকি কুশলে ৰাখা মোক।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ