শৰতৰ আগমন•••ৰূপা মনি দাস

Unknown
0
প্ৰকৃতিৰ ছত্ৰছায়াত, 
আহিনৰ বোকোচাত উঠি
আকৌ আহিল , 
ঋতুৰাণী শৰত ! 
পদুলিমুখৰ বকুল ,শেৱালি জোপাইও বতৰা দিলে শৰত অহাৰ,
শৰত মানে কহুঁৱা,
নিয়ৰ সিক্তদুৱৰি-বনৰ 
স্বচ্ছল মাদকতা। 
শৰতৰ আগমনত শেৱালীৰ সুবাসত 
প্ৰকৃতিৰ চৌদিশে মন-প্ৰাণ চঞ্চল কৰি সুবাসিত কৰে।
শৰতৰ সৈতে শেৱালিৰ এক নিবিড় সৰ্ম্পক,
শৰতৰ আগমনে ৰূপহী অসমীক
অপৰূপ সৌন্দৰ্য্যৰে সজাই তোলে,
শৰতৰ আগমনে আনে শাৰদীয় দুৰ্গোৎসৱ।
শৰত তুমি সঁচাই অতি বিতোপন।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)