কঁহুৱা বন মোৰ অশান্ত মন•••জেনিফা হাজৰিকা

Unknown
0
কঁহুৱা বন মোৰ অশান্ত মন,
আলফুল হাতেৰে লোৱা সাৱটি,
অʼ এটি এটি ক্ষণ যেন মুকুতাৰে ধন,
এনেয়ে হেৰুৱালে নাহে উভতি
নীলা আকাশৰ  একোটি তৰা,
হঠাতে খহি সাৱটে ধৰা,
ঘিট-মিট এন্ধাৰৰ নিমাত ৰাতি
অʼ এটি এটি ক্ষণ যেন
এটি এটি পণ.....
এনেয়ে হেৰুৱালে নাহে উভতি.... 

 পুৱতি নিশাৰ সপোন এটি,
দেখিও নেদেখিলো সেই ক্ষণটি,
অনন্ত সময়ৰ সাগৰখনিৰ,
চঞ্চল কোলাহলে ভাঙে ঘুমটি।
অ', বলিয়া মন মোৰ কিয় উচাটন,
কালিৰ সূৰুযে আনি দিব পুৱাটি। 

সময় গতিশীল, সময়ক ধৰি ৰাখিব নোৱাৰি,মানৱ জীৱনত সময়ৰ যি মুল্য তাৰ ঠাই  আন কোনোৱে পুৰণ কৰিব নোৱাৰে । সেয়েহে কোৱা হয় যে "পল পল দণ্ড কৰি সময় গৈছে উৰি,পাখিলগা  কাঁড়ৰ 
নিচিনা অবিৰাম"।
এই গীতটিৰ গীতিকাৰ ড০ ভূপেন হাজৰিকাদেৱে কঁহুৱা বনক প্ৰকৃতিৰ প্ৰতীক হিচাপে লৈছে। তেওঁ তেওঁৰ অশান্ত মনটি  শীতলাবলৈ কঁহুৱা বনৰ মৰমী শীতল কোলাত আশ্ৰয় লৈছে, প্ৰকৃতিক লৈয়ে তেওঁৰ এই গীত সৃষ্টি।যেতিয়া কোনো এজন লোকে আবেগ-বিবেক দৰ্শনৰ পৰা  বাগৰি পৰি প্ৰকৃতিৰ কোলাক নিজৰ আশ্ৰয়স্থল হিচাপে বাছি ল‌য় তেতিয়া প্ৰকৃতিয়ে নিস্বাৰ্থভাবে আলফুল হাতেৰে তেওঁৰ  দুখ  বেজাৰবোৰ মুচি দিয়ে.।
গীতটিৰ গীতিকাৰ ড০ ভূপেন হাজৰিকাদেৱ। তেখেতৰ জন্ম ১৯২৬ চনৰ ৮ চেপ্তেম্বৰত শদিয়াৰ বিশাল লুইতৰ পাৰত (বৰ্তমানৰ অৰুণাচল) আৰু তেখেতৰ মৃত্যু ৫ নবেম্বৰ ২০১১চনৰ  ৮৫  বছৰ বয়সত হৈছিল, তেওঁ ১৯৭৭ চনৰ ২ এপ্ৰিল ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা "পদ্মশ্ৰী "বঁটা লাভ কৰিছিল,২০১১ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় সন্মান সূচক "পদ্মবিভূষণ " উপাধি লাভ কৰিছিল, ২০০৮ চনত তেওঁ অসম সাহিত্য সভাই তেওঁক" সাহিত্যাচাৰ্য" উপাধি প্ৰদান কৰিছিল।১৯৬৮ চনত মাজুলীৰ বংশী গোপাল নাট্য মন্দিৰত বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই তেওঁক সুধাকণ্ঠ অভিধা প্ৰদান কৰিছিল। এইজনা মহান শিল্পীৰ মৃত্যুত অসম তথা সমগ্ৰ ভাৰতবৰ্ষই এগৰাকী মহান শিল্পীক হেৰুৱালে।

✍️জেনিফা হাজৰিকা (জেনি)
ড়িব্ৰুগড়, অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)