দিনবোৰ খহি গৈ আছে ,
বুকুত লুকুৱাই ৰাখিছো
অলেখ কথা,
এবাৰ আহি টুকুৰিয়াই চোৱা ,
বৈ আহিব
কোমল অলকানন্দাৰ দৰে ভাষা l
পদূলিৰ শেৱালি জোপাই দিলেহি
শৰতৰ খবৰ ,
এটি মিঠা সুবাসেৰে পৰিপূৰ্ণ কৰিছে
এবাৰলৈ আহিব নোৱাৰা নে ?
শৰতৰ শেষৰাতি আকাশৰ পাৰ ভাঙি পাৰিলে বৈ আহিবা চোন!
ৰ’দে পোৰা দিনকেইটা পাৰ হৈ গৈছে এতিয়া ,
নীল ৰাতিৰ নিৰৱতা লৈ,
সংগোপনে নামি আহিবা চোন জোনাক হৈ....
প্ৰতি দিনে
মোৰ চকুৰ পিৰালিত বহি হাঁহে
দুটুপি অশ্ৰুকণাই!
আহি ৰুই দিব নোৱাৰা নেকি হৃদয়ৰ কাষত,
মোৰ তপ্ত চকুৰ পাহিত
স্নেহৰ শীতল জল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ