চহৰৰ ভিতৰতে এটা আঢ্যৱন্ত পৰিয়ালৰ সন্তান ৰক্তিম। সি প্ৰচণ্ড ভোগবিলাসী যদিও তাৰ অন্তৰত সাধাৰণ মানুহৰ প্ৰতি আছে সহৃদয়তা। আজি তাৰ ২৩ বছৰীয়া জন্মদিন খুব উৎসুকতাৰে লগৰ কেইটাৰ সৈতে পালন কৰিব। সন্মুখত এটা দামী আকৰ্ষণীয় কেক্। লগৰবোৰে মিচামিচি গালে মুখে সানি অনিষ্ট কৰিছে। ধনী ঘৰৰ ল'ৰা। টকাৰ কি অভাৱ! এইবোৰ কৰি থাকোঁতেই তাৰ চকুত পৰিল ফুটপাথত বহি থকা এটা ভিক্ষাৰী ল'ৰালৈ। ল'ৰাটোৱে নাজানে জন্মদিন মানে কি! সি নাজানে সেই কেকটোৰ মূল্য! সি এটাই জানে তাৰ দৰে মানুহবোৰৰ বাবে পেটৰ ভোকৰ মূল্য কিমান! তাৰ ভোকাতুৰ পেটটোৱে কেকটোৰ বাকী থকা অৱশিষ্টখিনি বিচাৰিছিল। কিন্তু ক'বলৈ সাহস কৰা নাছিল। সিহঁতকনো আৰু কি লাগে! পেটত অকণমান আহাৰ; পিন্ধিবলৈ এডোখৰ কাপোৰ। থাকিবলৈতো অলেখ ঠাই আছে।
ৰক্তিমৰ দৃশ্যটো দেখি বেয়া লাগিল। নিজৰ ওপৰত ধিক্কাৰ ওপজিল। সি বুজিলে সিহঁতৰ বাবে মূল্যহীন বস্তুবোৰো কাৰোবাৰ বাবে কিমান মূল্যৱান! লগৰকেইটাৰ মাতলামি দেখি তাৰ খঙে চুলিৰ আগ পালেগৈ। ইহঁতে তাৰমানে এতিয়াও একো বুজা নাই বুলি এটাৰ গালত এপাত চৰ বহুৱাই দিলে আৰু নিজেই গৈ বিভিন্ন খোৱাবস্তু আনি দুখীয়াৰ মাজত বিলাই আনন্দ পালে। ভৱিষ্যতেও সি এনেকৈয়ে তাৰ জন্মদিন পাতিব।।
—নিশা বৰা
নগাঁও (ৰহা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ