সপোনৰ মৰীচিকা ••জ্যোতিষ্ক বৰুৱা

Rinku Rajowar
0
অনিদ্ৰা যোৱা বাস্তৱত…
দুচকুত সপোনৰ পাখি গজি
ভ্ৰমৰ অন্তৰীক্ষত……৷
জীৱনৰ সুখ বিচাৰি…
অদেখা বাটবোৰকে…
চিনাকী বাটৰ দৰে…
আগুৱাব খুজি…
শুকান মৰুৰ মৰিচীকাৰ
আৱিস্কাৰত…………
জীৱনত থকা খিনিৰ লগতে……
কেতিয়ানো পোৱা খিনি
 সন্ধিহান হ'ল…
গমকে নাপালো……৷
সময়ৰ গতিপথে ………
নীৰৱ নদীৰ দৰে……
এনেকৈয়ে পাৰ হয়………
জীৱনৰ বুকুত ……
ডেৰকুৰিতকৈ অধিক বসন্ত…,
 এনেকৈয়ে বছৰৰ পিছত বছৰ
সময়ৰ ঋতু আহে……
……আৰু যায়…
সময় হলে অহা বাটেৰে
আকৌ ওভটি ভুমুকি দিয়ে… …,
পিছে জীৱনৰ ……
সময়…আৰু বয়সবোৰ……
বসন্তবোৰ……
ঘূৰি নহাৰ বাটেৰে গুচি যায়…৷
ভ্ৰমৰ অন্তৰীক্ষত সুখ বিচাৰি…
জীৱনটোহে………
চাকিৰ পোহৰত চগা পুৰি……
শেষ হোৱাৰ দৰে…
দেখুন জঠৰতাৰ……
 অৱশিষ্ট বোৰহে ৰয়গৈ……
সপোনৰ পিছত দৌৰি
বাস্তৱত বুটলি পোৱা 
মৰিচীকাৰ দৰেই ৷৷

✍🏾 জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম ৷
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)