জেছি
মোৰ হিয়াভৰা মৰম যাচিলোঁ। বহু দিনৰ পিছত আজি আকৌ লিখিব'লৈ ওলাইছো মোৰ প্রেমৰ এখন জীৱন্ত শলিতা। তোমাৰ সৈতে পাৰ কৰা প্রতিটো মুহূর্তই আজিও মোক লৈ যায় গহীন বনত অথবা মাজ সাগৰৰ কোবাল সোঁতত। কেনে আছা তুমি ভালনে? আশা কৰোঁ ভালেই আছা। ভাৱিছিলো তুমি অবিহনে ময়ো আনন্দত থাকিব পাৰিম, ঠিক তোমাৰ দৰে কিন্তু এৰি অহা স্মৃতিবোৰে আজিও বৰকৈ আমনি কৰে। সঁচা জেছি, তুমি অবিহনে আজিও মই শূন্য। জানা, তোমাৰ কথা মনত পৰিলে মাজে মাজে এনেকুৱা অনুভৱ হয় যেন এতিয়াই দৌৰি গৈ তোমাক মিনতি কৰোঁ মোৰ জীৱনলৈ ঘূৰি অহাৰ কাৰণে কিন্তু মই জানোঁ এতিয়া আৰু সম্ভব নহয়। অথচ মোৰ অবুজন হৃদয় খনে এতিয়াও বাট চাই থাকে অকল তুমি অহাৰ অপেক্ষাত। সময় পালে এদিন আহিবাচোন মোৰ অবুজ হৃদয় খনক এষাৰ সান্তনা বাণী শুনাবলৈ। জেছি তোমাৰ মনত আছেনে অষ্টম শ্রেণীত পঢ়ি থকা সময়ত ১৫ আগষ্টৰ আগ দিনা (অৰ্থাৎ ১৪ আগষ্ট) দিনটোৰ কথা। স্বাধীনতা দিৱস উৎযাপন উপলক্ষে আমি সকলো ছাত্ৰ-ছাত্ৰীয়ে আনন্দ মনেৰে নানা কামত ব্যস্ত হৈ পৰিছিলো। মনত আছেনে জেছি যেতিয়া মই পতাকা উত্তোলনৰ ঠাইখিনি ভালদৰে পৰিস্কাৰ কৰি আছিলোঁ ঠিক সেই মূহুর্তত প্রচণ্ড বেগে বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল আৰু তুমি ছাতি লৈ দৌৰি আহিছিলা মোৰ কাষলৈ। মনত আছেনে? তুমি কিজানি পাহৰিচাই। কিন্তু তোমাৰ সৈতে পাৰ কৰা প্রতিটো মুহূর্ত আজিও সজাই ৰাখিছোঁ মোৰ হৃদয়ৰ গোপন প্ৰকোষ্ঠত। জানা জেছি, তুমি মোৰ জীৱনত থকা সময় খিনিত বৰষুণ আহিলেই আনন্দত আত্মহাৰা হৈ পৰিছিলো কিন্তু এতিয়া বৰষুণ আহিলে আনন্দৰ পৰিৱৰ্তে মোৰ জীৱনলৈ ধিৰে ধিৰে নামি আহে এক বিশাল শূন্যতা,কিছু শংকা আৰু কিছু কলা কলা......
জানা, বহুত কষ্টৰ মাজেৰে পাৰ কৰি আছোঁ মোৰ অকলশৰীয়া জীৱনটোৰ অসহনীয় ক্ষুদ্র ক্ষুদ্র সময়বোৰ। আদৰণি সভাত প্ৰথম বাৰৰ বাবে তোমাৰ লগত উঠা প্রথম ছবিটো এতিয়াও মোৰ ওচৰত আছে। তুমি নিজ হাতেৰে বনাই মোক উপহাৰ হিচাপে দিয়া ফুল দুটা এতিয়াও সজাই ৰাখিছোঁ মোৰ পঢ়াৰ টেবুলৰ সন্মুখত। ৰাতি এতিয়া গভীৰ হৈ পৰিছে। বিদ্যুৎয়ো গুচি গ'ল, কেতিয়া আহে ঠিক নাই। আজিলৈ এৰিছো। তুমি য'তে আছা কুশলে থাকা, এয়েই মোৰ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা।
ইতি
তোমাৰ.....
ইমৰুল
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ