পূজা পূজা কওঁতে দুৰ্গা পূজা গʼলগৈ••লক্ষীৰাম কুৰ্মী

Rinku Rajowar
0
পূজা পূজা কওঁতে দুৰ্গা পূজা গʼলগৈ
বহুতে বহু দুৰ্গা দেৱীৰ মন্দিৰ গৈ
মা দুৰ্গা দেৱীৰ আশীষ ল'লে।
পূজাৰ মেলাত খুব ফুৰিলে
মিঠা পাণৰ জুতি ল'লে
জেলেপীৰ সোৱাদ ল'লে
ফুৰিলে লগৰ বন্ধুৰ সৈতে।
মূলৰ দামতকৈ অধিক দাম দি
সৰু লৰা-ছোৱালী খেলৰ সামগ্ৰী,
নিজৰ বাবে কেইবাটাও সামগ্ৰী কিনিলে।
ইফালে আকৌ কিছুলোকে মদ পানী খাই
উৎপাত বিশৃঙ্খল কৰিলে,
কিছুৱে মদৰ নিচাত নাচি বাগি
আনন্দ ফুৰ্তি কৰিলে। 
কিছুৱে ঘটিলে, কিছুৱে ঠগিলে
বহুতে সাঁচি থোৱা ধন
পাচ দিনতে শেষ কৰিলে।
চিন্তা বাঢ়িলে ধন কমিলে
আকৌ তেওঁলোকে পুনৰ কৰ্মজীৱনত
পাতনি মেলিলে। 


📌লক্ষীৰাম কুৰ্মী
  শাওঁতলী,গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)