অদৃশ্য মানৱ••ৰঞ্জিত শৰ্মা

Rinku Rajowar
1
ভূত নে প্ৰেত ?
ৰংমনক সুধিলো,ৰঙা অঙঠা এটা আনি দিলে
অঙঠাটোত লাগি থকা বগা ছাঁই অকণমান 
ফুঁট এটা লৈ ভূত খেদিবলৈ ওলালো 
ভূত নামৰ অদৃশ্য তীৰ্থকাক 
মানুহৰ জীয়া দাৱক ছবিক 
এন্ধাৰত শোষিত অদৃশ্য মানৱৰ শ্বাপদ
দৈহিক ক্লান্তি মানুহক দমনকাৰি বহুৰূপী মানৱক
পিছে,
মানুহ নামৰ জীৱ বিধে মোক সুধিলে
কি চাবলৈ জীয়াই আছোঁ
কি খাবলৈ জীয়াই আছোঁ
মই কলোঁ,
মায়াময় সংসাৰত মোহ থকালৈকে
তুমিও থাকিবা ময়ো থাকিম ৷

শেষ ৰাতিৰ গানে নিচুকাব
উচুপি উঠিব অণু পৰমাণু শিৰাই শিৰাই 
চিনাকি তেজৰ ৰাউচি
চিনাকি তেজৰ চকুৰ পানীৰে 
মুখলৈ চাই চাই সূঁতি বোৱাব ৷

জীৱনৰ শেষ নাটক ৰচিব
চুই চোৱাৰ হেঁপাহত ৰৈ যাব আকাশৰ হাজাৰ তৰা
হাজাৰ হাজাৰ সপোনৰ টোপোলা
ভূত খেদি খেদি বুঢ়া হ’ব হাঁড়
সকলো ভূত মানুহৰ দেহ,মন,আত্মাৰ পৰা জন্ম ল’ব ৷


জটিল শব্দঃ
তীৰ্থকাক:- তীৰ্থৰ কাউৰী,‌ লুভীয়া মানুহ ৷
দাৱক:- নষ্টকাৰী, তললৈ নিওঁতা ৷
শ্বাপদ:- কুকুৰৰ দৰে মাংসাহাৰী আৰু হিংসুক জন্তু ৷

       ✍️ ৰঞ্জিত শৰ্মা
         ঢকুৱাখনা,লখিমপুৰ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অদৃশ্য মানৱ - ৰঞ্জিত শৰ্মাৰ কবিতাটো পঢ়ি ভাল লাগিল ৷

    ReplyDelete
Post a Comment