অকাই-পকাই জঁত
পোহৰত চকু মেলাৰ আগেয়েই
গৰ্ভতে পিতৃৰ পাপৰ আন্ধাৰ।
শ্মশানত আৱদ্ধ মাতৃৰ মন
নাই পাপৰ অনুতাপ,
অদূৰত সৌৱা মৰুভূমি,
বালিৰ বতাহত বৰফ হোৱা এটি ৰাতি ।
জীৱনৰ এটি স্তৱক,
বিনিদ্ৰাৰ প্ৰতিটো ক্ষণ
শেষ হৈ যোৱা সপোন এটিৰ শাপত
নষ্ট হোৱা ভ্ৰণ,
সপোনটোৰ সিপাৰে কেঁচা আলিটোত
এজোপা বন। সেউজীয়া।
শুকান ডালত এটি পাত
কলিজাত ৰৈ যোৱা সোনোৱালী আঁত।
✍️মমী দত্ত।
ঢকুৱাখনা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ