নাম দিছোঁ শব্দবোৰক কবিতা বুলি
য'ত কলমৰ চিয়াঁহীৰে আৱেগৰ নৈ বয়
আৰু মই সেই সোঁততে হেৰাই যাওঁ।
নিশাৰ অনুভৱৰ বিষাদভৰা কবিতাৰ ভাষা তুমি নুবুজিবা
নীৰৱে আঁতৰি যাবা দূৰৰ পৰাই
নালাগে মোৰ অভিমানী হৃদয়ৰ স্মৃতিৰ অনুভৱবোৰ বুজিবলৈ।
সজাৰ অচিনাকী চৰাইজনীও
সজালৈ উভতি যায়
মাথোঁ মই খোজকাঢ়ি থাকোঁ
মোৰ নিঃস্তব্ধ উকা পদূলিত
অকলশৰে নীৰৱে
অভিমানী হিয়াত আলোড়ন জগোৱা
অচিনাকী চৰাইজনীয়েও আজিকালি মোক প্ৰত্যাখান কৰে।
সপোনবোৰ ভাঙি যায়
চকুলোৱে শিতানৰ গাৰু তিয়াই
অকলশৰে নীৰৱে উচুপি
আছোঁ স্মৃতিবোৰ বুকুত সাৱটি।
◾দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ