পাতে ভাঙে যেন জীৱন গঢ়াৰ খেল
মানুহৰ জীৱনৰ শেষ নাই দুৰ্গতিৰ লেখ
মিছা ভাওনা আৰু প্ৰতিশ্ৰুতিৰ ফুলজাৰি
নতুন ভাওনাৰ নতুন নতুন সংলাপ
কি মিলাব কি দিব সময়েই ক'ব
বান্দৰ নাচৰ ভেল্কীবাজি
পুৰণি গানৰ নতুন যেন আখৰা
মানৱীয়তাৰ বৰ্বৰতাৰ অমানৱীয়
মাথোঁ একেই ৰক্তৰ কণিকা
কি দিম উত্তৰ কি কৰিম প্ৰশ্ন
মৌন মোৰ দুওঁঠত বিষণ্ণতাৰ ছাঁ
বন্ধু! এইয়া সমমৰ যেন পাখা খেলা
সময়ত চাবা ভালকৈ বুজিবা
এইয়া কুৰুক্ষেত্ৰ নতুন ভাতৃঘাতী যুজ
কুটুমে কুটুমে নুমাই দিব জীৱন চাকি
একেই মানুহ চাগে নতুন পৰিচয়
একেই আকাশ একেই পাতাল
একেই জোন,বেলি,তৰা
পানী,মাটি,বতাহ আৰু বৰষুণ
হাড় ভগা ৰাজনীতিৰ কিযে বিষণ্ণ ক্ষণ
গোপন ষড়যন্ত্ৰৰ কূটনীতি মাথোন
প্ৰজাৰ শেষ নাই জীৱন গাঁথা স্মৃতি
বিষাদেই আৱৰা মনাকাশত উৰিছে ক'লীয়া ডাৱৰ ।।
***
🕳️নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ