প্ৰেম সৌন্দৰ্যৰে ভৰা••পিংকি শৰ্মা

Unknown
0
প্ৰেম সৌন্দৰ্যৰে ভৰা.........
সৌন্দৰ্য ও যে বিষাক্ত কাইটেঁৰে  আৱৰা...........
মই পাহৰি গৈছিলোঁ........
হঠাতে তোমাক লগ পাই.....
গোলাপ ফুলৰ সৌন্দৰ্য আৰু সুগন্ধিই 
 মোক পাহৰাই পেলাইছিল.......।
জনা নজনা দোমোজাত
মেলি দিছিলোঁ দুই হাত
গোলাপ ফুলৰ সৌন্দৰ্য বুটলিবলৈ......
কিন্তু, গোলাপ ফুলবোৰ আজি
বিষাক্ত কাঁইট হৈ মোৰ
দুহাত ঠকা- সৰকা কৰি বিন্ধিলে.......
মই পাহৰি গৈছিলোঁ
হঠাতে তোমাক লগ পাই
প্ৰেম সৌন্দৰ্যৰে ভৰা.........
সৌন্দৰ্য ও যে বিষাক্ত কাইটেঁৰে  আৱৰা..........।



 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)