খেতিয়ক••ৰজনী কুমাৰ ডেকা

Unknown
0
ককাইদেউ তোৰ পৰিশ্ৰমৰ অন্তত 
আমি বোৰ  শক্তি পাঁও ,
অন্যথা  আমিবোৰ হয়তো  মঙহ-ভোজী  হব লাগিল হেতেন  ৷
ককাইদেউ তোৰ জীৱনটো  বৰ 
কষ্টকৰ হয় ৷
প্ৰসৰ ৰ'দ অথবা ধাৰাসাৰ বৰষুণ ,
উভয়ে তোৰ বাধাৰ প্ৰাচীৰ  ,
তথাপি তই সেইবোৰ নেওচিব পাৰ 
সঁচাকৈ এটা যন্ত্ৰতকৈও তই শক্তিশালি যন্ত্ৰ ৷
কান্ধত নাঙল , মূৰত জাপি লগত
আছে বলধ গৰু-হাল ,
এই দৃশ্য যেন প্ৰকৃতিৰ এক শান্তিৰ
দৃশ্য ৷
খৰাং অথবা বান উভয়ে তোৰ 
পৰম শত্ৰু ,
তোৰ পৰিশ্ৰমৰ বলতে পথাৰ খনে
সেউজ আৰু সোণোৱালী দুটি
বৰণ ধৰে ৷
ককাইদেউ তোৰ কান্ধত ডাঙৰী খন  সৰু সৰু আলিৰে 
বেলি লহিওৱা পলত  ঘৰলৈ বুলি  লোৱা বাট বৰ মনোৰম দৃশ্য ৷
জেঠৰ পৰশ পালে তোৰ 
উগুল-থুগুল লাগে ,আকৌ আঘোণৰ পৰশে শৰীৰ
সোণালী বৰণ ধৰে।

             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)