সত্য••জিতেন দাস

Rinku Rajowar
0
উদয় পুৱা অস্ত সন্ধিয়া
যদি একাল ধনী একাল দুখীয়া।
নিয়ম আছে প্ৰকৃতিৰ
এবাৰ দিয়া আৰু আন এবাৰ লোৱা।।

অস্তগামী সময়েও কৈ যায়
জীৱনত জড়িত বহু কথা।
নাপায় বুজি মায়া মোহ
কিনো ক'ব সকলো মনৰ বেথা।।


জন্ম বিপৰীতে মৃত্যু
যিদৰে সূৰ্যৰ উদয় আৰু অস্ত ।
এইয়াই জীৱন নিৰ্বাহ কাৰ্যপ্ৰণালী
নকৰিবা এলাহ বন্ধু পাবা কষ্ট।।                      

✍️জিতেন দাস, মাজুলী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)