সময়•• প্ৰিয়ানুজ হাজৰিকা

Rinku Rajowar
0
এটা অন্ধকাৰ নিশা, মনেৰে সজা দুটা কাহিনী আৰু মই ।
বাঢ়ি অহা আন্ধাৰৰ মাজত নিজকে জীয়াই ৰখাৰ অদম্য হেঁপাহ । 
জীৱনত কাৰোবাক নিজৰ কৰাৰ ইচ্ছা আৰু নাই ।
সপোনক দিঠকত পৰিণত কৰাৰ সম্ভাৱনাও নাই আজি । 
নাই কোনো আশা,
নাই কোনো সপোন,
কেৱল আছে মাথোন 
নিৰাশা আৰু যন্ত্ৰণা ।
এতিয়া তোৰেই অপেক্ষাত ৰৈ আছো মই 
সময়!
অলপমান শান্তিময় নিৰিবিলি সময় । 
নাজানো, কিমানদিনলৈ তোৰ অপেক্ষাত থাকিব পাৰিম মই,
লাহে লাহে কমি আহিছে
বুকুৰ স্পন্দন, উশাহৰ গতি ।

✍️প্ৰিয়ানুজ হাজৰিকা
একাদশ শ্ৰেণী, প্ৰাগজ্যোতিকা ছিনিয়ৰ চেকেণ্ডাৰী স্কুল,  তিতাবৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)