গল্প-শেৱালি••প্ৰদ্যুৎ শৰ্মা

Rinku Rajowar
0
ৰশ্মি,  ডেইজী,  পৰী আৰু  শেৱালি এই চাৰিওজনীক বিদ্যালয়ৰ সকলোৱে  সদায় একেলগে দেখা পায় । পঞ্চম শ্ৰেণীত নাম লগাবলৈ আহোঁতেই যি একেখন বেঞ্চত বহিল  । আজি তিনিবছৰে সিহঁতৰ এৰা এৰি নাই । প্ৰাৰ্থনা কৰোঁতেও একেলগে বাহিৰলৈ যায় । সভা সমিতি  উৎসৱ পাৰ্বণ সকলোঁ সময়তে একেলগে দেখাতো সৰু কথা । ৰশ্মি আৰু পৰী দুয়োজনী একেখন ঘৰৰে বুলিব পাৰি ।ৰশ্মিৰ খুৰাকৰ জীয়েক পৰী  । দুয়োজনী ধমল গাঁৱৰ ।ডেইজীৰ ঘৰ পৰ্বতীয়া গাৱঁত আৰু শেৱালিৰ বাৰীচোৱা  গাৱঁত । ৰশ্মি ,পৰী আৰু ডেইজী তিনিজনী একেলগে আহে | শেৱালি প্ৰায় ভাগ অকলেই অহা যোৱা কৰে ।শেৱালিৰ ঘৰ আৰতি বাইদেউৰ ঘৰৰ ওচৰত শেৱালি কেতিয়াবা আৰতি বাইদেউৰ লগত যায় । আৰতি বাইদেৱে শেৱালিক বহুত মৰম কৰে ।শেৱালিয়ে আৰতি বাইদেউক নিজৰ মাক বুলি ভাবে ।আচলতে শেৱালীৰ মাক শেৱালি ৬বছৰ বয়সতে ঢুকাল ।আচলতে ভগৱানে তাইৰ ভাগ্যত মাকৰ মৰম নেলেখিলে । বিদ্যালয় দুদিন বন্ধ হ'লেই শেৱালিৰ ঘৰত মন নবঢ়ে ।পঢ়া টেবুলত বঢ়িলে তাইৰ মাকলৈ মনত পৰে তাই কান্দে । দেউতাক ওচৰলৈ আহে আৰু তাইক সুধে 'মাজনী তোৰ কি হৈছে ? 'তাই চকুপানী মচি দেউতাকক সাৱতি ধৰে আৰুকয় 'দেউতা মোৰ মালৈ বৰকৈ মনত পৰিছে ' 
দেউতাকে কয় 'মাজনী বিধিৰ লিখন কেতিয়াও খণ্ডন নহয় ' শেৱালিৰ বান্ধৱী ৰশ্মি, পৰী, ডেইজীয়ে শেৱালি থাকোঁতে শেৱালীৰ বহুত বদনাম গায় ।শেৱালীৰ লগত ভাল হৈ থকাৰ অভিনয় কৰে । পেটে পেটে সমুলি দেখিব নোৱাৰে ।যদি পৰীক্ষাত শেৱালিয়ে নম্বৰ বেছিপায় সিহঁতে বেয়া পায় । শেৱালিৰ আগত ভালপোৱাৰ অভিনয় কৰে ।আচলতে সিহঁতে শেৱালিৰ ভালতো নিবিচাৰে ।এদিন আৰতি বাইদেৱে  ক্লাছ কৰি আছিল । সিহঁতৰ ক্লাছত ছাৰ নাছিল ।সুবিধা পাই গোটেই জাকে চিঞৰি উঠিল | ডেইজীহঁতে বিয়া নাম গায় আছিল | আৰতি বাইদেউ সিহঁতৰ আগত থিয় দিলেহি আৰতি বাইদেৱে ক'লে 'তোমালোক চাৰিওজনীক মই বহুত বিশ্বাস কৰিছিলোঁ তোমালোকে মোৰ বিশ্বাস ভাঙিলা ।'
ডেইজীহঁত থৰ লাগিল বাইদেউৰ কথাত।শেৱালিয়ে ক'লে 'বাইদেউ আমাক ক্ষমা কৰি দিয়ক আমি আৰু এনেকুৱা ভুল ন'কৰোঁ' বাইদেৱে ক'লে 'তোমালোক তিনিওজনীয়ে এটা মাত নামাতিলা কিন্তু শেৱালীয়ে নিজৰ লগতে তোমালোকৰ কথাও ক'লে এয়াহে প্ৰকৃত বান্ধৱী। '
এই বুলি কৈ বাইদেউ ক্লাছলৈ গ'ল ।তেতিয়া ডেইজীহতেঁ  উপলব্ধি কৰিলে আৰু ক'লে 'শেৱালী তুমি সচাঁকৈয়ে এপাহ শেৱালি ফুলৰ দৰে | আমি তুমি নজনাকৈয়ে বহুত বদনাম কৰোঁ,তুমি আমাক ক্ষমা কৰি দিয়া শেৱালী আৰু আমি তেনেকুৱা নকৰোঁ | শেৱালীয়ে ক'লে  'মই তোমালোকক ক্ষমা কৰি দিম যদিহে তোমালোকে শপত লোৱা ' ডেইজী হতেঁ ক'লে 'আমি শপত লৈছোঁ আমি আৰু এনেকুৱা ন'কৰোঁ | তাৰ পিছৰে পৰা সিহঁতে একেলগে থাকে ।শেৱালিয়ে শেৱালি ফুলৰ দৰে গোন্ধ বিলালে ।

✍️ প্ৰদ্যুৎ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)