নিজকে যেন হেৰুৱাই পেলাইছো।
ক'ৰবাত যেন থমকি ৰৈছে
মোৰ সপোনবোৰ আৰু আশাবোৰ তোমাৰ অবিহনে।
অতীতক পাহৰি বৰ্তমানতে
জীৱন সোণালী কৰিম বুলি
ভাবিওচোন সক্ষম হোৱা নাই মই।
ক'ৰবাত নহয় ক'ৰবাত তোমাৰ ,
প্ৰতিটো স্মৃতিয়ে আহি লুকাভাকু খেলে
বিশ্বাসেই নহয় চোন দেউতা,
তুমি যে মোৰ কাষত নাই
এইযে মৰম শব্দটো !
সকলোৱে মৰম কৰিলেও,
দেউতাৰ মৰম জানো কোনোবাই দিব পাৰিব !
তুমিয়েই কোৱা ।
নিথৰুৱা মন আৰু ভাগৰুৱা শৰীৰটোৱে,
আগুৱাই যাব পৰা নাই দেউতা
ধূসৰিত তোমাৰ স্মৃতিয়ে
বৰকৈ আমনি কৰে অকলশৰীয়া পৰত ।
কেতিয়াবা যে তোমাৰ
শুকান মৰিশালীটোলৈ চাই কও ,
দেউতা মোক তোমাৰ মৰম লাগে।
তোমাৰ সাহস লাগে আৰু
তোমাক মোৰ কাষত লাগে
তুমি শুনি নোপোৱা নেকি?
বেয়া পাইছোঁ দেউতা
তুমি মোৰ অভিমান বুজি নোপোৱা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ