আঘোণৰ পথাৰ••ৰাতুল চেতিয়া ফুকন

Unknown
0
অ' মোৰ আঘোণৰ পথাৰ ,
তোৰ বুকুৰ সোনালী চাদৰ
দাৱনীৰ কাঁচিয়ে ফালিলে ।
ছিন্নমুণ্ড নৰানিত লেছেৰী বুটলি
কোন কিশোৰে ভাঙে বটা চৰাইৰ বাঁহ ।
একাবেকা সৰু সৰু আলিৰ দাঁতিত
লেৰেলা কলপাত আৰু
ৰবাব টেঙাৰ শুকান বাকলি।
কোন দাৱনীয়ে দূপৰৰ পিয়াহত
পৰাণ জুৰালে ।
এতিয়া উদঙীয়া পাল খোৱা গৰু জাকৰ সমদল
এই পথাৰতে ।
বেলি মাৰৰ সময়ত
কুঁৱলীৰ সেমেকা চাদৰে মুখ ঢাকি শুই থাক
অ' মোৰ আঘোণৰ পথাৰ।

◾ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)