জুইয়ে পোৰা তীক্ষ্ণ তৰোৱাল••প্ৰাণজিৎ দাস

Rinku Rajowar
0
  কিছুমান অভাৱনীয় বিষাদৰ তিক্ততাত,
  সুখ বুটলিব ধৰা সুখকণো নাইকীয়া হৈ যায়।
  সুখৰ পোছাক যোৰ সলায় হৃদয়ে আকৌ,
  বিষাদৰ পোছাকযোৰেই পিন্ধিব লগা হয়।
  সুখৰ পোছাকযোৰ নো কাৰ পিন্ধিব মন নাই,
  আছে সকলোৰে।
  কিন্তু কি ক'ম,
  ভগ্ন হৃদয়ে উচুপি উঠে।
  নোপোৱাকৈ থকাতকৈয়ো ,
  পাই হেৰুৱাৰ বেদনা হয়তো বহুত। 
  প্ৰিয়জনৰ পৰা আশা কৰা ধৰণে,
  সময় আৰু মৰম ভালপোৱা নোপোৱা
  বিশ্বাস অবিশ্বাসৰ দোমোজাত পৰি
  বিষাদ সিক্ত বৰষুণত তিতি জুৰুলি জুপুৰি 
  বিচাৰিলে হয়তো ওলাব বহুত মানুহ। 
  দেখিছেনে কেতিয়াবা তেনেকুৱা মানুহৰ
  ৰক্ত ফুলিংঙ্গৰ দুচকুত ফুলা ৰক্তজবা !
  দেখিছে জানো
  তিক্ত আঘাতৰ হৃদয়ত লেলিহান শিখাৰ
  জুইয়ে পোৰা তীক্ষ্ণ তৰোৱাল  ?

                      ◼️প্ৰাণজিৎ দাস।
         জিলা= বাক্সা, বি, টি, আৰ (অসম)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)