আন্ধাৰৰ কুহেলিকা ফালি মাজৰাতিৰ কথোকথন••কল্পনা বৰা

Rinku Rajowar
0
এয়া মাজৰাতি......
খিৰিকীখন খুলি দিছোঁ বাহিৰৰ উতনুৱা বতাহজাকে মোক চুই যাব পৰাকৈ।
ঘড়ীৰ কাঁটাৰ প্ৰতি ছেকেণ্ডৰ মূৰে মূৰে
নিশাটোও দেখোন বেছি জয়াল হ'ব ধৰিছে।
আন্ধাৰবোৰ ঘন হৈ অহাত
বাহিৰৰ দৃশ্য মোৰ চকুত দ্ৰষ্টব্য হোৱা নাই।
মাজে মাজে শুনা পাওঁ নিশাৰ নিৰ্জনতা ভেদি বিকট চিঞৰ,
কোন তেজস্বিনীয়ে বা ৰাতিৰ আন্ধাৰৰ আঁৰ লৈ
নিজকে এৰি দিছে লালসিত উদণ্ড পুৰুষৰ হাতত ! 
হয়তো ভোকৰ তাড়নাত যন্ত্ৰণাবোৰ শিল হৈ পৰিছে,
সেই তাহানিতে চকুলোবোৰ চকুতে শুকাই
হৃদয়খন হয়তো কেতিয়াবাই নিলাজ হৈছে ।

যান্ত্ৰিক চহৰখনৰ কোলাহলবোৰো লাহে লাহে শাম কাটিছে,
ঠিক দিনৰ উত্তপিত সুৰুযৰ অস্তমিত কালৰ দৰেই।
মাজে মাজে বিহগবোৰৰ কলৰৱ
ৰাতিৰ পতংগবোৰৰ ৰো-ৰোৱনি।
এই মাজৰাতি ভাগৰত জুৰুলা দিয়া শৰীৰটো লৈ
কোনোবা পৰিশ্ৰমীয়ে হয়তো খপজপকৈ ঘৰ সোমাই
নিদ্ৰাদেৱীৰ কোলাত শান্তিৰ শেতেলী পাৰিছে।

পুনৰ জপাই দিছোঁ খিৰিকীখন...
টোপনিয়ে হেঁচা দি চকুৰ পতা জপাব পৰা নাই মোৰ।
মনে ভ্ৰমি ফুৰিছে এতিয়া চাৰিওফালৰ জগতখন,
অন্ধকাৰৰ কথোপকথনৰ মাজত নিজকে বিলাই
নিশ্চুপ হৈ পৰি ৰৈছোঁ মই বিচনাৰ এটি চুকত ।


✍️ কল্পনা বৰা
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)