ব্যক্তিত্ব••সংযুক্তা দত্ত

Rinku Rajowar
0
ব্যক্তি বিশেষে ব্যক্তিত্ব বেলেগ বেলেগ হয়। ব্যক্তিত্ব হৈছে মানুহৰ এনে এক গুণ। ই যিকোনো সময়ত যিকোনো মানুহক সহজতে আকৰ্ষণ কৰিব পাৰে ।  মানুহে ব্যক্তিত্ব কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰে । এজন ব্যক্তিৰ লগত কথা পাতিলেই বুজিব পাৰি তেখেতৰ ব্যক্তিত্বৰ কথা। আমি যে কওঁ মানুজন/মানুহগৰাকীৰ লগত কথা পাতি ভাল লাগিল বুলি । আচলতে কথা পাতি ভাল লাগিল নে তেখেতৰ ব্যক্তিত্বটো ভাল লাগিল ? 
প্ৰকৃততে ব্যক্তিত্বটো হে ভাল লাগে কথা পাতি নহয়। নহ'লেটো কথা পতাৰ পাছত মানুহে এনেকৈ নকয় মানুহজন বৰ কামোৰ আছিল ।  ব্যক্তিত্ব হৈছে এপাহ ফুলৰ দৰে যি আঁতৰৰ পৰাই দৃষ্টি নিক্ষেপ কৰে। কিন্তু ওচৰলৈ গ'লেহে তাৰ সুগন্ধি পোৱা যায়। আমি এজনে আনজনৰ ব্যক্তিত্ব কেতিয়াও ল'ব নোৱাৰোঁ। সেইকাৰণেটো কোৱা হয় - ব্যক্তি বিশেষে ব্যক্তিত্ব বেলেগ বেলেগ ।
   
                   ◾সংযুক্তা দত্ত।
                    মিছামৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)