কেতিয়াবা চকু দুটা জাপ খাইছিল
কেতিয়াবা টোপনিতে চকু মেল খাইছিল
মোবাইলত তোমাৰ নামৰ হোৱাটৱেপত
মেছেজ বিছাৰি স্মৃতিত আবেগ বৈছিল
সেয়া কি আছিল?
বোধহয় সেয়াই প্ৰেম আছিল।
তোমাৰ খং উঠিলে
মোৰ ভাল লাগিছিল, কিয়নো
তোমাৰ গোলাপী গাল দুখন সুমথিৰাৰ দৰে ৰঙা হৈ পৰিছিল
আৰু মোৰ খং উঠিলে...
তুমি যে হাঁহিছিলা
তেতিয়া মোৰ অভিমানি মনটোৱে
উৰা মাৰিছিল তোমাৰ কাষৰ পৰা
ঘূৰি নহাৰ প্ৰতিশ্ৰুতি থৈ বহু দূৰলৈ
তেতিয়া বুকুখন কিমান যে বিষাইছিল
সেয়াও বোধহয় প্ৰেমে আছিল ।
তোমাক প্ৰথম দেখাৰ দিনাই
তোমাৰ চকুত মোৰ চকু থৰ লাগিছিল
প্ৰথম মাতিবৰ হাজাৰ প্ৰস্তুতি লাগিছিল
মুখ মেলাৰ আগতে বুকু কপিছিল
জীৱনত দেখোন এনে অনুভূতি কেতিয়াও নাছিল
তোমাৰ লগত বাৰু কিয় হৈছিল ?
সেয়া বোধহয় প্ৰেমে আছিল
আমি ফোনত বহু সময় পাৰ কৰিছিলো নহয়
কি জানো অন্তহীন কথা আছিল
দিনৰ দিনটো কথাপাতি
মৌনভাৱে নিশ্বাসৰ ক্ষণগণি টোপনি যাওঁ ৰাতি ৰাতি
সেয়া কি আছিল ?
বোধহয় তাৰ নামে প্ৰেম আছিল
তোমাৰ অভিমান ভাঙিবলৈ
মই তোমাৰ প্ৰেমিক নাছিলোঁ
তোমাৰ অভিমানত অভিমানী মই
যিমানে তোমাক পাহৰিব খুজিছিলোঁ
সিমানে তোমাৰ অনুপস্থিতি অনুভৱ কৰিছিলোঁ
বাৰে বাৰে মনত তুমি
কেতিয়াবা কিতাপৰ পাতত
কেতিয়াবা ৰাতিৰ সপোনত
তোমাক পাহৰিব খুজিও
পাহৰিব নোৱাৰাৰ কাৰণ কি আছিল ?
সেয়াও বোধহয় প্ৰেম আছিল
তুমি চিঠি দিলে মই উত্তৰ নিদিও বুলি
মোৰ এটা বদনাম আছে
কিমানবাৰ লিখিছো তোমালৈ বুলি
তাৰ হিচাপ কোনে জানে
কিমানবাৰ লিখিছোঁ
কিমানবাৰ ফালিছোঁ
লিখিছোঁ আৰু ফালিছোঁ
ধুনীয়াতকৈ ধুনীয়া আখৰৰ চিঠি দিব খুজিছোঁ
সঁচা কৈছো তোমালৈ মোৰ ভালপোৱা নাছিল
কিন্তু বেয়াপোৱাৰ এটি শংকাই অনবৰতে লগ নেৰিছিল,সেয়া কি আছিল ?
সেয়াই বোধহয় আমাৰ প্ৰেম আছিল
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ