অণুগল্প : প্ৰাপ্তি••সংযুক্তা দত্ত

Rinku Rajowar
0
 : বৰুৱানী ব'লক চোন এপাক  শইকীয়াৰ ঘৰৰ পৰা আহোঁ।  
:অহ আপুনি বৰ  অসময়ত লগ ধৰিলে হে । 
:আপুনি সময় চাই থাকিব নালাগে আমি সান্তনা এটা দিবলৈ হে যাম। 
:   অ' ৰ'বচোন বৰানী , সৌৱা চোন শইকীয়া ।
:অ' তাকেতো।
 :  শইকীয়া কি খবৰ মনটো বৰ ভাল দেখিছোঁ    ।তাতে হাতত সেইটো কিহৰ টোপোলা ? 
 :  বৰুৱানী আৰু বৰানী দেখোন !  ভালে হ'ল লগ পালো ।ইয়াতে  আজি সন্ধিয়া আমাৰ ঘৰলৈ পাক এটা মাৰিবচোন  ।  তৃতীয় বাৰত হ'লেও ছোৱালীয়ে Mains পাছ কৰিলে। 
            কথাষাৰ শুনি দুয়োগৰাকীয়ে  সেমেনা সেমেনিকৈ অহাবাটেৰেই খোজ ল'লে । 
         
           ✍️ সংযুক্তা দত্ত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)