আজি প্ৰায় ১৫ বছৰৰ পাছত সন্ধ্যাই দূৱৰিক বাছ ষ্টেচনত দেখিলে। দৌৰি গৈ তাইক মাত দিবৰ মন গ'ল। কিন্তু যাব'লৈ ধৰাৰ লগে লগে তাইৰ ভৰি কেইটাই জঠৰ মাৰি ধৰিলে। মনত পৰিল আজিৰ পৰা প্ৰায় ২০ বছৰমান আগৰ কথা। একাদশ শ্ৰেণীৰ পৰাই সিহঁতৰ মাতবোল নাই। দেখিলেও দূৱৰিয়ে সন্ধ্যাৰ মুখলৈ চাই মুখ বিকটাই দিয়ে। কেতিয়াবা কৃত্ৰিম হাঁহিও মাৰে। এইবোৰৰ গুৰিতে আছিল তাই ক্ষমতাশালী দেউতাকৰ একমাত্ৰ কন্যা হোৱাৰ অহংকাৰ। আৰু সন্ধ্যা আছিল দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰা এটা সাধাৰণ পৰিয়ালৰ জীয়াৰী। তাই যে সন্ধ্যাক টকা-পইচাৰ দৰে ক্ষন্তেকীয়া সুখৰ বাবে কিমান অপমান কৰিছিল! তাই নীৰৱে সকলো সহ্য কৰি গৈছিল দূৱৰিক ভালপোৱাৰ তাড়নাত! কিন্তু যেতিয়া অপমান তাইৰ মাক-দেউতাকক লৈ কৰা যায় তাই বাৰু কেনেকৈ সহিব?...আজিও চাগে তাই একেই আছে। অহংকাৰী‚জেদী…! নামাতে তাই! অন্ততঃ এতিয়া নিজকে সফল কৰি দূৱৰিৰ দৰে ছোৱালী এজনীৰ আগত আকৌ এবাৰ নিজক অপমানিত নকৰাই। সদায় তায়ে কিয় সৰু হ'ব?দূৱৰিয়েতো তাইক বান্ধৱী বুলি নাভাৱে!……
এনেতে সন্ধ্যাৰ ভাৱনাত যতি পেলাই দূৱৰিয়ে মাত লগালে—"হাই সন্ধ্যা! বহুত দিনৰ মূৰত! কি খবৰ তোৰ? ভালে আছনে?"
সন্ধ্যাৰ ভাল লাগিল। আজি দূৱৰিৰ হাঁহিতো আগৰ দৰে কৃত্ৰিম নহয়। সন্ধ্যাই মনতে ভাৱিলে—সময় আৰু পৰিস্থিতিয়ে মানুহক সঁচাকৈয়ে সলনি কৰি পেলায়…!!
◾নিশা বৰা
নগাঁও (ৰহা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ