শব্দহীনতা, অবাকপটোতা তাতেই ৰোপিত হয় আকণ্ঠিত কিছু জীৱন আলোড়নৰ নৱ মধুৰ বীজ।
সম্ভাৱনা থাকে য'ত;
নতুনত্বৰ হেঙুল হয়তো
সময়ৰ হেঁচাত জীৱন যুঁজৰ পাকচক্ৰৰ ৰোষত পৰি লীন হৈ যায় কৰতলে।
মধুৰতম বোৰ মধুৰহীনতালৈ ৰূপান্তৰ হয়,
সময়ৰ আবিৰ নে জীৱনৰ ৰং জনা নাযায়!
সেয়া সহজ কিছু মনুদ্যমে সাঙুৰি লৈ
মৌনতা আকৃষ্ট হৈ ৰয় ।
✍️ ৰাজদ্বীপ শইকীয়া
গোলাঘাট জিলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ