মানুহৰ মনত আশা আকাংক্ষাৰে ভৰে,
ষষ্ঠীৰ পৰাই পূজা মণ্ডপত
মানৱে দৰ্শন কৰে।
মণ্ডপৰ আশে-পাশে সকলোতে
কিমান যে দোকান বহিব,
সকলোতকৈ কিন্তু জেলেপি দোকানে
আগস্থান লৈ থাকিব।
পূজাতে তেওঁলোকে বহুবিধ মিঠাইৰ
জুটি কিন্তু লয়,
ঘৰলৈ অনাৰ বাবত সেইবোৰ।
ৰাষ্টাতে আধা হয়।
ভিৰৰ পৰা দৈনিক ওলাব নোৱাৰি।
ডেকাহে বেছিকৈ যায়,
বুঢ়া লোকে ৰাস্তাৰ কাষত ৰৈ
গাড়ী বোৰকে চায়।
ভক্তপ্ৰাণ ৰাইজে উলহ- মালহেৰে
দূৰ্গা পূজা ভাগ পাতে,
পূজাৰীয়ে আহি সেই পূজা ভাগত
মন্ত্ৰ পাঠ কৰে ।
সময় অনুযায়ী ভক্তপ্ৰাণ ৰাইজে
অঞ্জলি প্ৰদান কৰে,
পূজাৰ শেষত আঠু কাঢ়ি
চৰণতে আহি পৰে।
পূজাৰীয়ে দিয়া ফোট নিৰ্মালী।
কাণৰ কাষত থয়,
বোৱাৰী সকলে সুবিধা মতে
খোপাতে গুজি লয়।
বিজয়া দশমীৰ দিনা সকলোৰে।।
মন বিদৰি যায়, গোসানীৰ ৰচীৰ লগতে সেইদিনা
অপৰাজিতাইও আগস্থান পায়।
গোসানী বিসৰ্জন হোৱাৰ পাছত
সকলো ঘৰাঘৰি যায়,
গোসানীক দিয়া সেন্দুৰে সকলোৰে
কপালখন ওপচায়।
পুনৰ আবেলি আহি ৰাইজে
গোসানীক উতাব নিয়ে,
নাচ -বাগ কৰি ধোল,বাদ্য লৈ
গোসানীক বিদায় দিয়ে।
◾দীপালী বৰঠাকুৰ
কাহিলীপাৰা (পাৱাৰহাউচ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ