আবেলিৰ সুৱৰ্ণ আঁচল,
লহৰিৰ ফাঁকে-ফাঁকে
অমল হেঙুলৰ মাধুৰি ৰাগিণী তুলি
সেই সুৱৰ্ণ ৰ'দ ছাটি,
তাই যেন মোৰেই যৌৱনমতী।
চুলিবোৰ মেলিব ৰাতি,
তাইৰ সুৱৰ্ণ আঁচল খুলি।
নীৰ হৈ জিলিকি উঠিব
সোনতৰাৰ কপনিৰ ফাঁকত
লাজুকী চন্দ্ৰমাই অতন্দ্ৰ নিশিত।
হৃদিৰ আৱৰণ খুলি
কবি মই থাকিম জাগ্ৰত,
পূৰ্ণ আবেগেৰে স্বপ্নবিলাসী হৈ
অনন্ত কাললৈ,
তাইৰ অগাধ অপৰূপা
মনোহাৰিণীৰ মোহত।
সেই সুৱৰ্ণ তাৰাৱতী,
তাই যেন মোৰেই যৌৱনমতী।
✍️দৰ্শনা দাস
মাজুলী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ