বিদ্ৰোহী মাংসপিণ্ড ••চাদ্দাম হুছেইন

Rinku Rajowar
0
নামি অহা জুৰিটোৰ দৰে
সেই জিঘাংসাৰ বাতৰি 
সঘনাই আহে।

স্বাধীন দেশৰ নাৰীয়ে
চকু মেলি চালেই
আঘাতৰ বৰ্ষা দলিয়ায়,

তৰপে তৰপে খহি পৰে
লাঞ্চনাৰ তৰোৱালৰ আঘাতত
বিদ্ৰোহী মাংসপিণ্ড ।

তপ্ত বুকুতে ম্লান পৰে
প্ৰাণৰ সঞ্জীৱনী
তথাপি স্বাধীন এই দেশ?

 

✍️চাদ্দাম হুছেইন
ঠিকনা - আৰিমত্ত বিদ্যাপীঠ হাইস্কুল, ৰঙিয়া 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)