যেন এখনি প্ৰণয়ৰ নেদেখা সেঁতু
ভালপোৱাৰ সুবাস বিচাৰি
ভালপোৱাৰ কথাবোৰ কথাৰ মহলাত
কোনে কুহিয়াঁৰ পেৰা দি পেৰিছে
ফুল ফুলিলে সুগন্ধি বিয়পিব
ভালপোৱা আছে বাবেই
সুগন্ধি পখিলাৰ উৰণ দেখিবা
ভোমোৰাৰ ভূণ ভূণনি
মৌমাখিৰ গুণ গুণনি
মানুহৰ ফুচফুচনি----------!
ভালপোৱাৰ মাধুৰ্য্যতাত দেখোঁ
ভালপোৱাৰ ৰং
তোমাৰ বুকুৰ পৰা মোৰ বুকুৰ ভাঁজত
কঢ়িয়াই ফুৰে প্ৰাপ্তিৰ বিষাদ
ফৰিংফুটা জোনাকতো দেখোঁ
কলীয়া মেঘৰ ছাঁ-------
পোহৰৰ খেলা
জোন বেলি তৰাৰ সাধু
জীৱন নাটত ভালপোৱাৰ আখৰা
বুকুৱে বুকুৱে উৰি থাকে
সেউজীয়া হালধীয়া সুবাসিত পখিলা
ভালপোৱা কথাবোৰ তেনেকুৱা
কৃষকৰ আশাৰ যেন সেউজ কঠিয়া
ভালপোৱা কথাবোৰ তেনেকুৱা
ভালপোৱা আছে বাবেই গুণ গুণাই
বুকুৰ পৰা বুকুলৈ কবিতা
প্ৰেমিক কবি হোৱাৰ সপোন লেখীয়া
ঘুমটি ভাঙি ৰাতি বুকুত দেখোঁ
ভালপোৱা ভালপোৱা
সুগন্ধি কুসুম পাহিৰ সেউজী অনুভৱ
জীৱন গাঁথা এখনি নীলা কাব্য------।
◾নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ