মোৰ জোনাকৰ আঁউসী তুমি••মিন্টু গোৱলা

Rinku Rajowar
0
তৃষ্ণাই সন্ধিয়া পৰত চোতালত বহি জোনাকী পৰুৱা বোৰৰ ধেমালি বোৰ চাই আছে। এজনী এফাল পৰা উৰি আহে আৰু সিজনী ইফালে উৰি আহে ।
সেই জোনাকী পৰুৱা বোৰৰ ধেমালি বোৰ তৃষ্ণাই উপভোগ কৰি আছে।
তৃষ্ণাই সিহঁতৰ ধেমালি চোৱাত ব্যস্ত হৈ আছে।
হঠাৎ তৃষ্ণাৰ মোবাইলতো বাজি উঠিল ।
তৃষ্ণাই চʼক খাই উঠি ফোনটো চাই ভূ...........ভূই...
ক'লে - কোন ? বুলি ।যেতিয়া ফোনটোলৈ চালে তেতিয়া  তৃষ্ণা মনতো উৎকণ্ঠা হৈ উঠিল। কাৰণ তৃষ্ণাৰ  পানী টুপিয়ে ফোন কৰিছে। তৃষ্ণাই ফোনটো উঠাই ক'লে -
       :হেল্লো কোৱা? 
          কি কৰি আছা?
         
  : উম! মই বহি আছোঁ ।তুমি কি কৰি আছা ?
: মই যে জোনাক ৰাতি জোনাকীৰ লগত খেলি আছোঁ।
: হয় নেকি?
    : উম ! হয়তো তুমি কাষত নাই যে সেই কাৰণে জোনাকী লগতে খেলি আৰু সিহঁতৰ লগতে কথা পাতি আছোঁ।
:হয় নি।  মই গৈ ৰʼবা ।দুয়ো একেলগে বহি জোনাকী পৰুৱাৰ লগত খেলিম আৰু জোনাকত বহি  আমি বহু কথা পাতিম ।
:উম! আহা‌ মই বহি আছোঁ ।
          তৃষ্ণাই আহা বুলি কোৱা লগে লগে জীৱনে ফোন কাটি , চাইকেল খন লৈ ৰাতিয়ে তৃষ্ণাৰ ওচৰত পালে গৈ । তৃষ্ণাই চোতালতেই বহি আছিল।
তৃষ্ণাই ক'লে : হে ভগৱান মই ধেমালিতে কʼলো বুলিয়েই আহি পাই গʼলা পাগল ।
দুয়ো চোতালত বহি কথা পাতিবলৈ ল'লে।
 :কোৱা পাগলী ? আহি গʼলো ।
: যে মোৰ পাগল ন ।কোৱা লগে লগে  আহি গʼলা ।
: উম ! মইতো তোমাৰেই পাগল ন।
:উম! অ । হয়তো 
                বুলি কৈ তৃষ্ণাই অলপ সময় মনে মনে থাকিল ।জীৱনে আৰম্ভ কৰিলে 
  :  ঐ শুনিছা ।জোনাক ৰাতি এনেকৈ তুমি আৰু মই বহিছোঁ যে ভাল লাগিছে।আজি কথা শুনিবা নাই ।
: শুনিম ঐ  ‌! কিয় শুনিম নো ? আজি তুমি কোৱা মই শুনিম ।
: মই কʼবলৈ আহিছোঁ অ। শুনা ঐ........ আকাশলৈ চোৱা ? আকাশত কিমান তৰা আছে নো ?কোৱাচোন 
: বহুত আছে ।গণিব নোৱাৰি অ ।
:উম! ময়ো আকাশত থকা তৰাৰ দৰে তোমাক ভাল পাওঁ বুজাব নোৱাৰা কৈ ।
       তৃষ্ণাই যা বুলি ঠেলা মাৰি দি ।জীৱনক ক'লে:-
: এইটো পাগল । মইতো আছোঁচোন কিয় ইমান ভয় খাব লাগে। মই তোমাৰেই হয় থাকিম অ।
ময়োতো তোমাক বহুত ভাল পাওঁ অ।
:উম! মই ভয় নাই খোৱা অ। কথাতো কৈছোঁ আক।
ঐ শুনা মোৰ জোনাকৰ আঁউসী তুমি হয় নাই ।
:হয় অ। দুয়ো মিলি আমাৰ পজাঁটিত জোনাকী পৰুৱাৰ দৰে উজ্বলাই তুলিম অ। তাতেই আঁউসী নামি আহিব ।
তাতেই আমি দুয়ো একেলগে বহি হিয়াৰ মৰম বোৰ যাচিম।
: উম! কলিজাতোৰ কথা শুনি আজি মই বহুত সুখী অ।মোৰ মনৰ কথাতো তুমিয়েচোন কৈ দিলা । তুমি কʼলা আৰু মই নকʼলেও হয় ন ।
:উম! হয় ।বিয়াৰ পিছত এনেকৈ জোনাক ৰাতিত বহি তৰা বোৰ আৰু জোনাকী পৰুৱা লগত খেলিম ন।ঐ তোক লৈ মোৰ বহু সপোন আছে অ। তুমি মোক এৰি নাযাবা আক ।
: ঐ পাগলী মই তোমাক পাহৰিব নোৱাৰোঁ অ।হ'ব ৰাতি হ'ল মই যাওঁ ।তুমি ও শুই থাকা ।
:উম ! ঐ যাবলৈ তোমাক যে যাবলৈ দিব মন যোৱা নাই ।এনে লাগিছে যেন তোমাৰ সৈতে গোটেই ৰাতিত কথা পাতিম ।হ'ব যোৱা ৰাতিও হ'ল ন।
:উম হ'ব । মই গৈ ফোন কৰিম ।কোৱা ভিতৰলৈ ।
       তৃষ্ণাই ভিতৰ লৈ সোমাই গ'ল । জীৱনে চাইকেল খনলৈ ঘৰলৈ গʼল ।
 দুয়োৰ চিনাকী হোৱা বেছি দিন হোৱা নাছিল । দুয়ো নতুনকৈ কলেজখনত নামভৰ্তি কৰি হোষ্টেলত আহিছে। দুয়ো প্ৰথম চিনাকীতে আপোনা হৈ পৰিছে ।
যেন ইজনে সিজনক এদিন নেদেখিলে থাকিব নোৱাৰে । তৃষ্ণাৰ যিকোনো সমস্যা হ'ল, জীৱনে তাইৰ কাষত থিয় দিয়ে।সুখ দুখৰ সমভাগি হয় হোষ্টেলৰ সময় বোৰ পাৰৰ কৰি গৈছে । লগতে নিজৰ পঢ়া শুনা বোৰ ঠিক সময় মতে কৰি আছে ।
            সিদিনা দেওবাৰ আছিল । তৃষ্ণাই আৰু জীৱনে সিদিনা ফুৰিব হোৱাৰ কথা আছিল । কিন্তু সিদিনা হঠাৎ তৃষ্ণাক ঘৰলৈ মাতি পঠালে ।তাই  জীৱনক নোকোৱাকৈ ঘৰলৈ গুচি গʼল।জীৱনে সাঁজি কাঁচি ওলাই আহি তৃষ্ণাৰ ৰুমৰ কাষত ৰৈ ফোন কৰি আছে । তৃষ্ণাই ফোনটো নুঠাই ।জীৱনে ফোন কৰি কৰি ভাগৰি গʼল ।শেষত তৃষ্ণাৰ লগৰ এজনী ৰুমৰ ৰুমৰ পৰা ওলাই আহিছিল ।তাই দেখি জীৱনে সুধিলে যে : তৃষ্ণা কত গʼল ? তাৰ লগৰ জনী ক'লে : তাইতো আজি ঘৰলৈ গʼল ।তাই মুখত কথাষাৰ শুনি।
জীৱনৰ খং উঠিল । সি মনে মনে অকলে বকিবলৈ লʼলে।
(তাই মোক আজি দিনটো ফোন কৰা নাই আৰু  যোৱা সময়তো এবাৰ ফোন কৰিব পাৰে । ময়ো ইমানকে ফোন কৰি আছোঁ ।মোৰ ফোনতোও উঠোৱা নাই ।)
জীৱনে অলপ সময় বকি বকি তাৰ পৰা গুচি আহিল ।
জীৱনে ৰুমত আহি বিছনা খন বাগৰি তাই কথাবোৰক ভাবি আছে ।
হঠাৎ তৃষ্ণাই জীৱনলৈ ফোন কৰিছে ।জীৱনে খংত ফোনটো নুঠাই ।তিনি বাৰ মানৰ পিছত হে জীৱনে ফোনটো উঠাছে।
তৃষ্ণাই খং ক'লে:- ফোনটো উঠাবলৈ ইমান দেৰি যে।
জীৱনে অলপ মান খঙাল হৈ ক'লে: তুমি বহু বেয়া আছা ।মোক এবাৰতো ফোন কৰি কʼব পাৰা যে মোক ঘৰলৈ  মাতিছে বুলি ।
:ঐ খং উঠিছে ।খং নকৰিবা ।মোক যে মায়ে মাতিলে সেই কাৰণে তোমাকো নকʼলো আৰু আহি গʼলো, বেয়া নাপাবা অ। বহু দিন হ'ল ঘৰ অহা নাই যে সেইকাৰণে মাতিলে ।
: হ'ব । মই কত যাম বুলি ক'লে তোমাৰ কি কি যে ওলাই নহয় ?
তোমাৰ মাও যে আৰু এমাহ পিছতচোন তুমি ঘৰলৈ যাবা । কলেজ শেষ হ'বলৈ আৰু এমাহ হে আছে ।মাৰ মনে ধৈৰ্য্য নাই ন।
:নহয় । মই নাহো বুলি কʼলো দেউতাই জোৰ কৰি মাতিলে যে মই আহি গʼলো ।ঐ শুনা ঘৰত যে আহিলো মই নাজানো নহয় দেউতা যে কৰ ল'ৰা এজন চাইছে মই আহা লগে লগে কৈ তোক চাবলৈ আহিছে।তই সোনকালেই ওলাই আহ ।
: কি কৈ আছা আক।তুমি পাগলী হৈছা নি ।
:সঁচাকৈ অ। মই কিমান মানা কৰিছো ।মোৰ কথা নামানে ।
দেউতাই কৈছে যে : কলেজতো আৰু এমাহ পিছত শেষ হ'ব ।তাৰ পিছত তই কি কৰিবি ? সেই কাৰণে বিয়া দিয়া ভাল আছে ।
মই কʼলো মই কিবা এটা কৰি লʼওঁ। কিন্তু দেউতা মোৰ কথা নুশুনে । মই কি কৰিম অ ।এমাহ পিছত মোৰ বিয়া ঠিক কৰিছে অ।
           তৃষ্ণাৰ কথাখিনি শুনি জীৱন নিস্তব্দ হৈ গʼল ।জীৱনৰ চকুৰ আগত সপোনবোৰ ভাঁহিবলৈ লʼলে।
অতি দুখ মনেৰে ক'লে:  হয় নি। মই কি কৰিম অ ।মোক অলপ সময় দি অ ।ময়ো কিবা এটা কৰি লʼওঁ তাৰ পিছত হে বিয়াৰ কথা কব পাৰিম ।যদি দেউতাই জোৰ কৰি মইতো কব নোৱাৰোঁ। কাৰণ আমি তোমাৰ দৰে ধনী নহয় ।আমি বৰ দুখীয়া অ ।যেনে তেনেকৈ মা দেউতাই পঢ়াইছে ।সিহঁতৰো সপোন আছে ল'ৰাতো পঢ়ি শুনি কিবা কৰি আমাক চাব । সেই সপোন বোৰক মই ভাগি দি নোৱাৰোঁ।  কথা বোৰ ভাবিলৈ অলপ সময় দিয়া।
:উম! অ ।ময়ো ঘৰত কʼলো ইমান সোনকালে বিয়া নহওঁ । কিন্তু দেউতাই নামানে অ। মই কি কৰিম অ?
: ঐ মা দেউতাৰ যদি সপোন আছে । তেন্তে ভাগি নিদিবা কাৰণ মা দেউতাৰ বাবেই আমি আছোঁ।তুমি বেয়া নাপাবা মই কথাষাৰ কওঁ  দেউতাৰ মুখ চাই বিয়াখনত সন্মতি দি দিয়া ।মোৰ কথা বাদ দি কাৰণ দুখীয়া হয় ন বহু চিন্তা কৰিব লাগে অ। আৰু মোক জানো তোমাক দি ?
: ঐ তুমি এই বোৰ কি কৈ আছা? মই নোৱাৰোঁ তোমাৰ বাহিৰে আনৰ হ'বলৈ । তোমাৰ লগত নিদিলেওঁ মই যাম । তুমি দুখীয়া হʼলে কি হ'ব ?তোমাৰ মনতো দুখীয়া নহয় । যিমানেই কষ্ট নহওঁক  কিয় দুয়ো মিলি কষ্ট কৰি আমাৰ সপোন বোৰ পুৰণ কৰিম অ।
 :ঐ তুমি কোৱাৰ দৰে নহয় অ। বহুত কষ্ট হ'ব তোমাৰ 
তুমি কোনো দিন কষ্ট নাই কৰা অ। মই তোমাৰ কষ্ট সহিব নোৱাৰোঁ অ।
    তৃষ্ণাই কান্দি কান্দি ক'লে: ঐ আজি তুমি কিয় সলনি হʼলা। আমাৰ সপোনবোৰ কি হ'ব । মই নোৱাৰোঁ অ।ঐ তুমিয়ে কৈছিল যে মই তোমাৰ জোনাকৰ আঁউসী হৈ নে নাই?
: নাই অ। আগতে আছিলা অ। এতিয়া নহয় ।কাৰণ তোমাৰ বিয়া হ'ব । মই আৰু তোমাক আমনি নকৰোঁ।
সকলো কথা পাহৰি যোৱা আৰু মা দেউতাৰ সপোনতো পুৰণ কৰা অ। তোমাৰ ওপৰত থকা আশা সপোন বোৰ পুৰণ কৰা । মই কথা পাতিম ,কিন্তু বন্ধুৰ দৰে ।আগৰ দৰে ইমান নহয় ।
         তৃষ্ণাই কান্দি কান্দি কথা কʼব নোৱাৰোঁ হ'ল ।তাই কওঁ নকওঁ কৈ ক'লে : হ'ব । মই যিমান পাৰোঁ পাহৰিবলৈ চেষ্টা কৰিম । কিন্তু পাহৰিব নোৱাৰোঁ যে ।
: চেষ্টা কৰিবা ।পাৰিবা।
           জীৱনে ফোনটো কাটি বিছনা খনত বাগৰি কথা বোৰ ভাবি   কান্দিবলৈ আৰম্ভ কৰিলে। জীৱনেও তৃষ্ণাৰ কথা পাহৰিবলৈ লʼলে ।সময় বোৰো পাৰ হয় গʼল । জীৱনৰ কলেজ ও শেষ হ'ল ।জীৱনো ঘৰলৈ গৈ নিজৰ কামত ব্যস্ত হৈ পৰিল । কলেজ শেষ হোৱাৰ পিছত এদিন তৃষ্ণাই জীৱনলৈ ফোন কৰি ক'লে :ঐ মোৰ বিয়া আছে অহা মাহ আহিবি আক।
জীৱনে ক'লে : মই যাব নোৱাৰোঁ অ । মই অলপ ব্যস্ত আছোঁ ।
      বুলি কৈ ফোনটো কাটি দিলে। তৃষ্ণাই মনে ভাবিলে যে (কাৰণ তাৰ চকুৰ আগত মই আনৰ হৈ যাম বুলি আহিবলৈ  বেয়া পাইছে।)
তৃষ্ণাৰ বিয়া হৈ গ'ল। কিন্তু জীৱনৰ সপোন বোৰ সপোন হৈ ৰৈ গʼল ।জোনাকৰ আঁউসী বেলেগৰ  চোতালখন পোহৰ কৰিছে । জীৱনৰ চোতালখন আন্ধাৰ হৈ ৰʼল।

                          
◼️মিন্টু গোৱলা, লখিমপুৰ কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)