নাভাৱিবা,তাইৰ আচল খন উকা
তাইৰ আচলত এটি পুলি ৰুই
গুচি গ’ল স্বামী সৰগলৈ বুলি
সেই পুলিটিয়ে তাইৰ কপালত তৰা আঁকিলে
আঁকিলে আকাশত দেউতাকৰ ছবি ৷
আনিম মাতি শুব ৰাতি
আইক বুকুতে সাৱটি ধৰি
দেউতা আহিব আইক নিচুকাব
পুৱাই যাবগৈ আকাশলৈ গুচি।
আইয়ে কয়,
তাইৰ মুখলৈ চাই জীয়াই আছোঁ
এনেকুৱা লাগে যেন
দেউতা আহিব ! আমাক ফুৰাব,আয়ে হাঁহিব
হাঁহি হাঁহি আমি কথা পাতিম !
আকাশক সুধিম,বতাহক সুধিম,ঈশ্বৰক সুধিম
দিবানে?মোৰ আইক এনেকৈ সদায় হাঁহি থাকিবলে ৷
এন্ধাৰত আইৰ চকুলো নেদেখো
ৰাতি ভগা মাতেৰে আইয়ে মোক মাতে
টোপনি গ’লানে আইজনী বুলি
সদায় সাৰে থাকো আইৰ মাতলৈ
টোপনিৰ ভাও ধৰি
আইৰ চকুৰ পানী মচিবলৈ
আইৰ বুকুতে সাৱটি ধৰি
উৰে ৰাতি উজাগৰে থাকি
ভাবোঁ আইৰ কথা
আইৰ বুকু উদাসীনতা ৷
বহু বাধা নেওচি নিৰ্বেদ মনেৰে পুৱা গধুলি
গোসাঁই ঘৰত শুনো আইৰ বিননি
ধূপ ধূনা লগাই প্ৰনাম কৰে দেউতাৰ ফটোখনি
সদায় দুচকুত দেখো বিষাদৰ মুখনি ৷
এগছি চাকি মোৰ আইলৈ বুলি
ধৰিত্ৰী আই,অসমী আই আৰু দেশ মাতৃলৈ
প্ৰত্যেক গৰাকী নাৰীয়ে মাতৃ
নাৰীক সন্মান কৰা মানে
ধৰিত্ৰী,দেশ,অসমী আইক সন্মান কৰা
মোৰ আইৰ হৃদয়ত শান্তিৰ পোহৰেৰে
জ্বলাম আশাৰ চাকি
বিষাদ,বেদনা,আবেগবোৰ নাইকিয়া কৰি
সজাম আনন্দৰ ৰোচিঃ ৷
কঠিন শব্দাৰ্থ
নিৰ্বেদ :- বিৰক্তি,আমনি,ভগ্নোৎসাহ,অপমান ৷
ৰোচিঃ :-পোহৰ ৷
উদাস্ :- অনুৰাগ অভাৱ,বিষয়ত বিৰাগ ৷
◾ৰঞ্জিত শৰ্মা
ঢকুৱাখনা,লখিমপুৰ
ৰঞ্জিত শৰ্মা , উদাশ বুকু কবিতাটোৱে হৃদয় চুই গ'ল
ReplyDelete