সংস্কৃতিৰ অলিয়ে-গলিয়ে ফুৰিছো••বিমান শইকীয়া

Rinku Rajowar
0
সংস্কৃতিৰ সংৰক্ষণ কৰোঁ বুলি 
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ 
সংস্কৃতিৰ দুৱাৰে-দুৱাৰে ফুৰিলো
একেবাৰে ভাতঘৰ পালোগৈ 
তাতো নাপালো সংস্কৃতিৰ সংজ্ঞা।
সংস্কৃতিৰ ৰং কেনেকুৱা 
সংস্কৃতিৰ ৰাজ অভিষেক পাতি 
দেখুৱাই দিম সংস্কৃতিৰ ৰং 
চিঞৰি চিঞৰি কম 
মোকে বোলে সংস্কৃতিৰ সাধক 
আৰু চেতনাৰ যুঁজত 
পোৱা নোপোৱাৰ হিচাপ-নিকাচ।
বিষ্ণু-জ্যোতি- ভূপেনৰ 
জাতি মাটি ভেটিৰ গোন্ধ থকা 
গীত মাত বোৰেই নেকি 
নে শংকৰ-মাধৱৰ গীতৰ অমিয়া 
নাট ভাওনা আৰু মোহন ভাইৰা 
তাতেইনে বিচাৰি পাম 
সংস্কৃতিৰ নিভাঁজ সংজ্ঞা!
মানুহৰ ইতিহাস ৰং তুলিকাৰ 
এওঁৱা সূতাৰ ওপৰেদি বগুৱাবাই 
কৃষ্টিৰ খলাবমাৰ কষতি শিলত 
ধুমুহাত ধাৱমান বৰদৈচিলা আৰু 
ঘূৰ্ণী বতাহৰ নাগপাশ চিঙি 
জুইয়ে পোৰা সোণ হৈ 
তিৰবিৰাই ৰিঙিয়াই মাতে মোক 
মইয়েই যুগৰ সৃষ্টি সংস্কৃতি !
স্থবিৰতাই নোৱাৰে তলাব 
দুষ্কৃতিয়ে নোৱাৰে জিনিব 
সংঘাতৰ নাই অভিমান সংস্কৃতিৰ 
একবিংশ শতিকাৰ তৃতীয় দশকৰ 
দোকমোকালিত ঠিয় হৈ 
বলিষ্ঠ কণ্ঠেৰে গাইছে কোনোবাই 
ৰক্ষণশীল নহয় সংস্কৃতি
গতিশীল গতিশীল গতিশীল। 


◾বিমান শইকীয়া।
তিতাবৰ। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)