আহিনৰ পথাৰ ••জোনমণি ৰয়

Rinku Rajowar
0
আহিনৰ পথাৰ তই বাৰু,
 কেলৈ ইমান চিৰসেউজ ।
কিয় তোৰ চিৰসেউজ তাই,
কৰি তুলেহি এই ধৰাক ,
এক‌ বিশেষ শুৱনি।
নিল আকাশৰ  তলত পাৰি থোৱা যেন এখন আইৰ ,
সেউজীয়া  চাদৰ তই ।
এই চাদৰৰ  আচলত যেন 
লুকাই থাকে  মানুহৰ, 
জীৱন বৃত্তান্তৰ পৰিধি।
যি পৰিধিয়ে পৰিচয় দিয়েহি,
গাৰ ঘাম মাটিত পেলাই কৰা,
সেই কৃষকৰ পৰিশ্ৰমৰ,
সাৰ্থকতাৰ প্ৰতিচ্ছবি । 
হয়তো সেয়েহে আহিনৰ পথাৰ , তই দিয়া চিৰসেউজখিনিয়ে কৰি
তুলেহি এক বুজাব নোৱাৰা, 
বিশেষ আশাৰ ৰেঙণি।
যি ৰেঙণিয়ে বাৰে বাৰে
কয়হি সেউজীয়াৰে ভৰা তই, 
আহিনৰ পথাৰ, 
দেখিবলৈ সঁচাকৈয়ে বৰ শুৱনি বৰ শুৱনি ।।


◾জোনমণি ৰয়
তিত্কা তাজে

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)