নথকা জনৰ বাবে••সূৰজ বৰগোঁহাই

Rinku Rajowar
0
                                  ✍️সূৰজ বৰগোঁহাই

যি আছে আছে
আৰু যি নাই নাই 
বেছিকৈ ভাৱিবলৈ আছেনো কি?
আৰু নথকাবোৰৰ কথা ভাৱি জানো কিবা লাভ আছে?

সৰল জীৱন সুখী জীৱন
যি আছে তাৰেই মই সুখী
মন গ'লেইতো মই আকাশৰ তৰা 
আনিব নোৱাৰোঁ...
যাৰ আৰ্শীবাদত 
যাৰ প্ৰেৰণাত মই জীয়াই আছোঁ
তেওঁ মোৰ হৃদয়ৰ পৰম ভগৱান

কোনে জানে কাৰ প্ৰাৰ্থনাত
কোন কুশলে আছে?
দুখনি হাতৰ প্ৰাৰ্থনাত 
তেওঁৰ কথা নিবিড়ে ভাৱোঁ
নথকা জনৰ বাবে মোৰ
এয়াই একাজলী অঞ্জলি ...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)