সণোৱালীৰে কৰিলিহি তই,
পথাৰৰ চাৰিওদিশ এক
মনোমোহা দৃশ্য।
সণোৱালীৰে ভৰা ধাননি
তোৰ সেই সোণগুটিবোৰক
আলফুলকৈ ডাৱনিবোৰে,
মুঠি মুঠিকৈ কাটি
চপালেহি ঘৰ।
সেই আনন্দতে ডাৱনিবোৰে,
নাচে ককাল ঘুৰাই ঘুৰাই ।
সেই আনন্দখিনিয়ে পাহৰাই
দিয়েহি ডাৱনিবোৰৰ হাড়ভঙা
পৰিশ্ৰমৰ কথা।
হয় তই আঘোণৰ পথাৰ ।।
✍️জোনমণি ৰয়
গাঁও -তিত্কা তাজে
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ