"হেৰা কিবা এটা কোৱানা, গল্প এটা লিখিবলৈ নাম এটা দিয়া না "---বৰষাই গিৰিয়েকক জোৰ কৰাত, তেওঁ ক'লে"ৰ'বাহে ইমান তাৰাতাৰিকৈ মই কেনেকৈ কওঁ, অলপ সময় মোৰ ওচৰত বহাএকো কৰিব নালাগে মাত্ৰ বহা।"ৰবিবৰীয়া হাটৰ পৰা অনা শাক-পাচলিবোৰ চাফা কৰি তেওঁ বৰষাক কাষতে বহি থাকিবলৈ ক'লে।বহু সময় কথা পাতিলে যদিও মনত একো এটা ভাবৰ চিন্তাই নাহিলচোন। এইদৰে ভাবি থাকি তাই মোবাইলত চকু ফুৰালে।
অলপ সময়ৰ পিছত দেখিলে যে পৰীমাই তাইলৈ বুলি এটি সুন্দৰ কবিতা "মা তোমালৈ "বুলি লিখি পঠিয়াইছে।পৰীমা এগৰাকী ছাত্ৰী, লিখা-মেলা কৰে। বিশ্ববিদ্যালয়ত তাইৰ সৈতে আজিৰ দিনটোত চিনাকি হৈছিল আৰু সেয়া এটা মিঠা সম্পৰ্ক লৈ পৰিবৰ্তিত হৈছিল।তাই বৰষাৰ মাজত মাকৰ ৰূপ দেখা পাই আৰু সয়েহে "মা" বুলি সম্বোধন কৰে।পৰীমাই যেন সদায় এইদৰে বৰষাৰ মাজতে মাকক দেখা পাই তাই তাকেই কামনা কৰিলে। ভগৱানৰ ফটোখন লৈ চাই ক্ষন্তেক মৌন হৈ পৰীমাৰ কাৰণে প্ৰাৰ্থনা জনালে "মোৰ পৰীমাক সদায় ভালে ৰাখিবা প্ৰভু,এই মিঠা অনুভুতিয়ে যেন মোক জীয়াই থাকিবলৈ উৎসাহিত কৰে।"
✍️বন্দনা চৌধুৰী
গুৱাহাটী(শিলপুখুৰী)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ