শিলৰ নৰ্তকী হোৱা কিনো নূপুৰ পিন্ধা তুমি সুললিত সুৰ জুৰুৱা ৷
তুমি মায়াবিনী , তুমি ৰাগিণী ,
তোমাৰ শক্তিত সেউজ ধুনীয়া ধৰণী ৷
তোমাৰ বোৱতীত পৃথিৱীৰ চৰণ
ধুৱাই ,
তোমাৰ অকাল দুৰ্ভিক্ষত মৰুময়ৰ
নিবিৰ ধূলি উৰুৱাই ৷
দুহাতে দুমুঠি ৰাখিছোঁ তথাপিও
নুজুৰে মন ,
তুমি যেন বৈ-যোৱা সমুদ্ৰৰ নিলয়ত
উদয়ন আৰু অস্ত বেলিৰ দুয়োটি
পৰত তুমি ৰঙীন আভাৰে বোৱা ৷
বাৰিষাত তাণ্ডব নৃত্য কৰা তুমি ঢৌৱে-ঢৌৱে প্ৰকৃতিক কাঢ়ি প্ৰলয়ৰ ৰূপ লোৱা ৷
খৰালিত শান্ত হোৱা তুমি
স্ফতিক জলত পৰিণত হোৱা ৷
তোমাৰ দুহাতে তৰু-তৃণ গজি উঠে
অঘৰীয়ে দুদিনৰ ঘৰ সাজে ৷
নাৱৰীয়াই বঠা মাৰে , সুখ-দুখৰ
এফাকি গীত জুৰে ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ