অতি ভক্তি চোৰৰ লক্ষণ (অনুবাদিত গল্প) ••আব্দুৰ ৰহমান প্ৰামাণিক

Rinku Rajowar
0
এদিন বনৰ ৰজা সিংহই শিয়াল এটাক নিজৰ খাদ্য যোগানৰ দায়িত্ব অৰ্পণ কৰিলে। ৰজাৰ আদেশ পালন নকৰিলে শাস্তি অনিবাৰ্য। কিন্তু কেনেকৈ ৰজাৰ খাদ্যৰ যোগান ধৰিব তাক লৈ বৰ চিন্তাত পৰিল। উপায় নাই খাদ্য যোগাৰ কৰিবই লাগিব। সি ওলাই গ'ল।

শিয়ালটো প্ৰথমতে ঘোঁৰাৰ ওচৰত গ'ল। আপুনি কেনে আছে ? ঘোঁৰাই চিন্তা কৰি মনে মনে ভাবিলে শিয়ালে হুৱা হুৱা বাদে একো নকয়। আজি তাৰ মুখত এনে মিঠা মাত। নিশ্চয় ইয়াৰ আঁৰত তাৰ কু অভিসিন্ধি আছে। ঘোঁৰাই একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি সেই ঠাইৰ পৰা গুছি গ'ল।

এইবাৰ শিয়ালটোৱে ময়ূৰ এজনীৰ ওচৰত আহি খুব বিনয়ী হৈ সুধিলে -- "বাইদেউ আপুনি কেনে আছে? আজি আপোনাক খুবেই ধুনীয়া লাগিছে!" ময়ূৰ জনীয়ে বুজি পালে শিয়ালৰ মুখত মিঠা মাত, নিশ্চয় অসৎ উদ্দেশ্য আছে। অতি ভক্তি চোৰৰ লক্ষণ। সিও আঁতৰি আহিল।

শিয়াল বৰ চিন্তিত হ'ল। কোনেও যে শিয়ালৰ কথাত ভোল নাযায়। শিয়ালৰ চতুৰালি চবৰে জনা আছে।

এইবাৰ শিয়ালে এটা গাধক লগ পালে।  "বাঃ তোমাক আজি বহুত সুন্দৰ দেখাইছে। ইমান সুন্দৰ এটি প্ৰাণী হৈ এনে কষ্টৰ কাম কৰি নিজৰ জীৱন টোকে মাটি কৰি দিলা। তোমাৰ অাৰু ইমান কষ্টৰ কৰিব নালাগে। এই বনৰ ৰজাৰ বয়স হৈছে। তেখেত অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। তুমি যদি বিচৰা মই ৰজাক কৈ তোমাক নতুন ৰজা পাতি দিম। এই বনত তোমাৰ দৰে বুদ্ধিমান, সাহসী ৰজাৰ অত্যন্ত প্ৰয়োজন।"টেঙৰ শিয়ালে গাধটোক প্ৰশংসাত উপচাই পেলালে। গাধটো আনন্দত আত্মহাৰা হ'ল অাৰু আগ পিছ নাভাবি শিয়ালৰ কথা বিশ্বাস কৰি সিংহৰ ওচৰত গ'ল।

সিংহৰ ওচৰত অহা মাত্ৰই সিংহৰ থাবাত গাধটোৱে নিজৰ কাণ দুটা হেৰাল, যদিও কাণে কাণ মাৰি পলাই আহিল।

শিয়াল গাধৰ নিকট আহি ক'লে তুমি ইমান বুৰ্বক হ'লে কেনেকৈ চলিব? তুমি এই বনৰ ভাবী মহাৰাজ। ৰজাই তোমাৰ শিৰত সোণৰ ৰাজ মুকুট সমৰ্পিত কৰি নতুন ৰজা ঘোষণা কৰিব। কিন্তু তোমাৰ এই কাণ দুটাৰ বাবে মুকুট খন ভালদৰে শিৰত খাপ নাখায়। সেয়েহে তোমাৰ কাণ দুখন তুলি লোৱা হ'ল। কিন্তু তুমি বিষয়টো নুবুজাকৈ পলাই আহিলা।
বলা বলা মোৰ লগত। পলম হ'লে অইন কোনোবাই আহি ৰাজ সিংহাসনত অধিষ্ঠিত হ'ব।

গাধ আকৌ সিংহৰ একেবাৰে নিকটৱৰ্তী হয়। এইবাৰ সিংহৰ দ্বিতীয় থাবাত গাধটোৰ নেজ খহি পৰে। কিন্তু এইবেলিও পলাই যাবলৈ সক্ষম হয়।

শিয়াল পুনৰ গাধৰ ওচৰত আহি ক'লে আকৌ তুমি ভুল কৰিলা? নেজ থাকিলে তুমি কেনেকৈ ৰাজ সিংহাসনত বহি ৰাজ্য পৰিচালনা কৰিবা? কেৱল তোমাৰ কথা ভাবি ৰজাই নেজ খন খহাই লৈছে। এতিয়া অাৰু ভয় নাই। এইটোৱে ফাইনেল। বলা সিংহাসনত অধিষ্ঠিত হোৱাৰ সময় আহি গৈছে।

গাধ ইমানেই নিৰ্বোধ আছিল যে তৃতীয় বাৰও শিয়ালৰ কথাত সৈমান হৈ সিংহৰ ওচৰত আহে আৰু সিংহৰ আক্ৰমণত তাৰ দেহ ক্ষত বিক্ষত হৈ মাটিত পৰি আছে।
সিংহৰ দাঁতত তেজ লাগি আছে।

শিয়াল সিংহক ক'লে মহাৰাজ আপুনি ইমান কষ্ট কৰি চিকাৰ কৰিলে। আপুনি বহক। মই নিজে খাদ্য আপোনাৰ প্লেটোত সজাই দিও। শিয়ালে গাধটোৰ মগজু খিনি খাই অবশিষ্ট খিনি সিংহক খাবলৈ দিলে।
 সিংহ ক'লে মগজু ক'ত?
শিয়ালে সিংহক উদ্দেশ্যি ক'লে মহাৰাজ যিয়ে বাৰম্বাৰ প্ৰতাৰিত হৈয়ো আপোনাৰ ওচৰত আহে তাৰ মূৰত মগজু থাকিব পাৰে জানো?

গছৰ ডালত বহি থকা ময়ূৰে মনে মনে ক'লে  তাৰ মগজু আছিল ঠিকেই কিন্তু অতি সহজ সৰল হোৱাৰ বাবে ছদ্মবেশী প্ৰতাৰক সকলক চিনি পোৱা নাছিল।

◼️অনুবাদক আব্দুৰ ৰহমান প্ৰামাণিক
কুৰ্শাকাটি কোকৰাঝাৰ


(তুৰ্কীয় গল্পৰ আধাৰত অনুবাদিত)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)