পৰা হ'লে দেখুওৱালো হয়-গোবিন্দ ভৰালী

©Admin
0
পৰা হ'লে দেখুওৱালো হয় বুকু ফালি
বুকুৰ তপ্ত শোণিতৰ
ঢৌত ভাঁহি থকা দলিচাৰ 
ৰঙা গোলাপ।
দেহৰ প্ৰতি সিৰে সিৰে
প্ৰবাহিত ৰক্তৰ উন্মাদনাত
প্ৰতিধ্বনিত হয় কেৱল
তোমাৰ নাম। 
পৰা হ'লে দেখুওৱালো হয়
বুকুৰ ভিতৰত দুলি থকা
মৰম নামৰ বঠাহীন
নৌকাখন
অপেক্ষিত মাথোঁ তোমাৰ।
কিন্তু মই অক্ষম
যাৰ বাবে আজি মই
পৰিতপ্ত।

*গোবিন্দ ভৰালী, ধেমাজি*
পৰা হ'লে দেখুওৱালো হয় বুকু ফালি
বুকুৰ তপ্ত শোণিতৰ
ঢৌত ভাঁহি থকা দলিচাৰ 
ৰঙা গোলাপ।
দেহৰ প্ৰতি সিৰে সিৰে
প্ৰবাহিত ৰক্তৰ উন্মাদনাত
প্ৰতিধ্বনিত হয় কেৱল
তোমাৰ নাম। 
পৰা হ'লে দেখুওৱালো হয়
বুকুৰ ভিতৰত দুলি থকা
মৰম নামৰ বঠাহীন
নৌকাখন
অপেক্ষিত মাথোঁ তোমাৰ।
কিন্তু মই অক্ষম
যাৰ বাবে আজি মই
পৰিতপ্ত।

◾গোবিন্দ ভৰালী, ধেমাজি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)