স্বাগতম নৱাগত-নৱজিৎ নাথ

©Admin
0
হে স্বাগতম মৰমৰ নৱাগত....
এমুঠি আশা বুকুত বান্ধি ,
সেউজীয়া সপোন পম খেদি খেদি।
এখন বিশাল মৰুভূমিৰ মৰীচিকাৰ
বাস্তৱ এখনি জীয়া ৰণ্যভূমিত।
জীৱন সংগ্ৰামৰ প্ৰতিটো বাধাক 
নেওচি আহিছিলা সেই বিশেষ দিনা।।

তোমালোকৰ আগমনে বতৰাই আমাৰ 
"কুমাৰ ভাস্কৰ বৰ্মাৰ সংস্কৃত আৰু
 পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ" ।
 চৌদিশে আনন্দ নেওচি ধৰিছে।
 প্ৰতিজোপা আলফুলীয়া বকুল ফুলে  মাৰিছিল এটি মিচিকিয়াই হাঁহি।।

বিশ্ববিদ্যালয়ৰ নানা বৰণীয়া ফুলৰ 
লগতে শৰতৰ শুভ এযোৰ সাজ পিন্ধি, 
নিজকে সদায় আপোন পহৰা 
সেই আলফুলীয়া নৈৰ দাঁতিৰ 
কঁহুৱাৰ এখনি বগা দলিচা।।
 
তোমালোকৰ খোজৰ আগমনত আৰু 
এটি মিচিকিয়া হাঁহিৰ অপেক্ষাত ।
আমাৰ বিশ্ববিদ্যালয়ৰ সম্মুখৰ সেই 
কৃষ্ণচুড়া দুইজোপাই এটি ৰঙা 
ৰঙৰ হাঁহিৰে বাট চাই ৰৈ থাকে....।।
 
 সেউজীয়া সপোন সাৰ্থক হওক
আশাৰ প্ৰাপ্তিৰ এক মধুৰ শিহৰণৰে, 
এপাহি সুগন্ধি বকুলৰ ফুল কামনাৰে।
জীৱনৰ উকা হৃদয়ৰ সোনোৱালী 
এখন বিশাল মানস পৃষ্ঠাত সোনালী 
আখৰে সদায় জিলিকি থাকক।
প্ৰতিটো স্মৃতিৰ বিশেষ টোপালবোৰ।।


◾নৱজিৎ নাথ।
ছিপাঝাৰ, (দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)