মোৰ সূৰ্য ফুলা বাগিচালৈ আহিছিল
মোৰ সূৰ্যমুখী চকুযুৰিত
শীতল এন্ধাৰ শৰতৰ শেৱালীৰ সুৰভি সানি দিছিল।
স্নিগ্ধ এন্ধাৰে সাৱতি মোক
শুৱাই দিছিল কোমল সেউজী বনৰ ওপৰত
তাইৰ চকুযুৰিত দেখিছিলোঁ
হেজাৰ জোনৰ মায়া ভৰা পোহৰ
মোৰ শব্দ প্ৰেমিক তেজৰ তন্দ্ৰুৱে তন্দ্ৰুৱে
উঠিছিল অপ্ৰতিম জোৱাৰ।
ইয়াৰ আগতে এনেকুৱা কেতিয়াও
মোৰ অনুভৱ হোৱা নাছিল
মোক যে তাই
মই নজনাকৈয়ে ভাল পায়!
বিশ্বাস হোৱা নাছিল
দুহাতত দেখিলোঁ
ষষ্ঠ শ্ৰেণীৰ মোৰ হাতৰ আখৰৰ কবিতা
আৰু
তাইৰ নাম থলোঁ "ৰজনীগন্ধা "
মই যদি দিনত ফুলোঁ
তাই ৰাতি....
দুয়ো দুয়োৰে উশাহ- নিশাহ হৈ পৰিলোঁ.....।
এটি সন্ধি ক্ষণ স্বাক্ষৰিত হৈ ৰ'ল
সূৰ্যটো হেৰাইছিল গভীৰ অৰণ্যৰ মাজত
আৰু চন্দ্ৰটো ওলাইছিল ৰামধেনু আকাশৰ পৰা
নাম থলোঁ "স্নিগ্ধ প্ৰিয়া"...।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ