বিলাসিতা প্ৰিয় নহয়
কিন্তু স্বপ্ন বিলাসি।
মই দুখীয়া,
নিৰবধি নদী
কিন্তু প্ৰাণৱন্ত।
মই শিপিনী,
কিন্তু থলুৱা।
মোৰ হাতৰ পৰশত,
প্ৰাণ পাই ফুলে
আইৰ চেনেহৰ
স্বাভিমানী ফুল।
মহাজাগতিকৰ মহাকাব্যিক,
নহওঁ মই, কিন্তু
অনুভৱত বিশালতা অন্তৰ।
জীৱনৰ প্ৰতিটো ক্ষণত প্ৰবাহিত,
খলকনি মনত ঢৌ তোলে
হেজাৰ বিজাৰ কাব্যিক ছন্দ।।
🕳️প্ৰাণজিৎ দাস, বাক্সা, বি, টি, আৰ, অসম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ