দেউতা-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
এবাৰ যদি কথাবোৰ বুজি পালা হয়
মই যে তোমাক কিমান ভাবি থাকোঁ
তোমাক কিমান মনত পেলাওঁ
তোমাৰ স্মৃতিবোৰে যে কিমান আমনি কৰে ।
মই যে সঁচাকৈয়ে হাঁহিব নাজানো
হাঁহি থকাৰ অভিনয়হে কৰোঁ
সেয়া বুজি পাবলৈ জানো বাকী থাকে কাৰোবাৰ 
হাঁহিবোৰেই হেৰাই গ'ল চোন 
কিন্তু অভিনয় কৰি হ'লেও
নিজকে সুখী কৰি ৰখাৰ চেষ্টা কৰো।
বহুত ভয় লাগিছিল সেইদিনা
কাৰণ তোমাৰ চকুত মই
মোৰ দৰেই একেই ভয় দেখিছিলো 
সকলোৰে আগত তোমাৰ যে
হাতত ধৰি বহুত কান্দিছিলো 
সকলোৱে বুজনি দিছিল তুমি
ভাল হৈ ঘূৰি আহিবা বুলি
কিন্তু মইতো জনা নাছিলোঁ
সেইদিনাই যে তোমাক জীৱনত
শেষবাৰৰ বাবে দেখা পাম বুলি ।
তেতিয়া আলসুৱা কণমানি জনী হৈ আছিলোঁ
তোমাৰ মৃতদেহ ঘৰলৈ আনোতে বহুত ৰাতি হৈছিল 
মই শুই আছিলোঁ গম নোপোৱাকৈ 
মোক যে দেউতা আহিল নহয় বুলি টোপনিৰ পৰা জগাইছিল
তেতিয়া তুমি ঘূৰি আহিলা বুলি
কিমান যে আনন্দত বাহিৰলৈ
দৌৰি গৈছিলোঁ তোমাক চাবলৈ
কিন্তু মোক শেষবাৰৰ বাবেও
তোমাক চাবলৈ নিদিলে 
তেতিয়া নিজকে চম্ভালিব নোৱাৰিছিলো
অ দেউতা বহুত পৰিছে অ।

◾দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)