তোলৈ বৰকৈ মনত পৰিছে অ' !
তই বা কি কৰিছ ! কেনেকৈ বা আছ !
কিমান যে চিন্তা তোক লৈ ,
সোণ অ'
তই জানোঁ বুজি পাইছ ?
মোৰ ভালপোৱা !
বৰ সোনকালেই তই মোৰ আপোন হ'লি ।
তই বাৰু জান নে ?
তোক লৈ কিমান যে সপোন দেখিছোঁ !
সোণ !
তই বাৰু কেতিয়াবা ৰাতিৰ আকাশৰ
জোনটোলৈ চাইছ নে ?
তয়ো তেনেকৈয়ে জিলিকি থাক মোৰ চকুত
জান জানোঁ তই এইবোৰ ?
কিমান যে কথা তোক ক'বলৈ মন যায় !
সোণ অ'
কেনেকৈ নো বুজাও তোক ?
কোনোবা সময়ত এনেকুৱা লাগে যেন
তোৰ লগতে থাকি যাম !
কিমান যে কি কি ভাবি থাকোঁ !
অ' দেহা শুন না ,
মই তোক বহুত পাওঁ অ'.......
◾স্বাগতা নন্দা ভূঞা
বিশ্বনাথ চাৰিআলি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ