ৰৈ থাকোঁ মই••বিমল কুমাৰ শৰ্মা

Rinku Rajowar
0
বসন্তৰ জপনা খুলি 
ৰৈ থাকোঁ মই,
সুদূৰত নীলা আকাশ;
উদিত সূৰুযে আনে
নতুনৰ ৰাগ
একাঁজলি ৰ'দ চটিয়াই 
জোনাক মোৰ ছাঁটোতে হেৰায়;

কবিতা কবিতা লাগে 
সোণোৱালী দিন; 
দিনবোৰ,
খুপি খুপি যায়, 
মেলি দিওঁ দুহাত 
কবিতা সামৰি 
সূৰুযে জোনাকে হাঁহে 
চকু টিপিয়াই,
একাজলি ৰ'দ চটিয়াই
জোনাক মোৰ ছাঁটোতে হেৰায় ।


 ✍️ বিমল কুমাৰ শৰ্মা   
বৰক্ষেত্রী বৰ্ণি, নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)